স্পৰ্টছ ডেস্ক,২২ আগষ্ট :২০ বছৰ অনুৰ্ধৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত (World Athletics U20 Championships) আন এক সফলতা প্ৰিয়া মোহনৰ (Priya H. Mohan) । প্ৰতিযোগিতাৰ মহিলাৰ ৪০০ মিটাৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্যক্তিগতভাৱে সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় । তেওঁ মাত্ৰ ৫২.৭৭ চেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ।
কেৱল মাত্ৰ .৫৪ চেকেণ্ডৰ ব্যৱধানত খেলুৱৈ গৰাকীয়ে পদক লাভৰ পৰা বঞ্চিত হয় । খেলুৱৈগৰাকীৰ পূৰ্বৰ ৰেকৰ্ড আছিল ৫৩.২৯ চেকেণ্ড, যিটো তেওঁ পাটিয়ালাত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত (National Inter state athletics Championship) অৰ্জন কৰিছিল । প্ৰিয়া মোহনৰ এই সফলতাকলৈ আনন্দিত ভাৰতীয় এথলেটিকছসকল ।
ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসেও (Hima Das) প্ৰশংসা কৰিছে প্ৰিয়া মোহনক । টুইট কৰি হিমা দাসে কয় যে প্ৰিয়াৰ এয়া এক সুন্দৰ আৰম্ভণি । ভৱিষ্যতে আৰু বহু দূৰ যাব লাগিব বুলি আশা ব্যক্ত কৰে হিমা দাসে ।