স্পৰ্টছ ডেস্ক, 16 জুন : পৰ্বতাৰোহী প্ৰেমলতা আগৰৱালৰ ঝাৰখণ্ডৰ জামছেদপুৰৰ বাসগৃহৰ পৰা চুৰি হৈছে তেওঁৰ পদ্মশ্ৰী বঁটা ৷ লগতে অচিনাক্ত দুৰ্বৃত্তই চুৰি কৰি নিছে ৰূপৰ মুদ্ৰা, কম্পিউটাৰৰ সামগ্ৰী আৰু 20,000 টকাৰ নগদ ধন ৷
পৰ্বতাৰোহী গৰাকীৰ স্বামী বিমল আগৰৱালে কয়, "সোমবাৰে পুৱা 5 বজাত ঘৰত উপস্থিত হোৱাৰ পাচতে আমি চুৰি সম্পৰ্কত তথ্য লাভ কৰো ৷ ঘৰৰ সামগ্ৰীসমূহ সিঁচৰিত হৈ থকাৰ লগতে খিৰিকী এখন ভঙা অৱস্থাত উদ্ধাৰ হৈছে ৷ চোৰে ভেন্টিলেটৰৰ দ্বাৰা ঘৰত প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ৷"