অসম

assam

By

Published : Dec 6, 2020, 11:00 PM IST

ETV Bharat / sports

মৰিগাঁৱত সদৌ অসম ভিত্তিত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল

সদৌ অসম ভিত্তিক স্বৰ্গীয় আব্দুল কাদিৰ মুক্তাৰ আৰু হবিবুৰ ৰহমান মড়ল সোঁৱৰণী প্ৰাইজমানী নক আউট T20 ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় ৷ চুড়ান্ত খেলখন অনুষ্ঠিত হয় মিজান ইলেভেন দুমদুমীয়া বনাম মামা ইলেভেন নগাঁৱৰ মাজত ।

The final game of the Cricket Competition on the basis of Sado Assam in morigaon
মৰিগাঁৱত সদৌ অসম ভিত্তিত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল

মৰিগাঁও, 6 ডিচেম্বৰঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী ভিক্টোৰিয়া ক্লাৱৰ উদ্যোগত সদৌ অসম ভিত্তিক স্বৰ্গীয় আব্দুল কাদিৰ মুক্তাৰ আৰু হবিবুৰ ৰহমান মড়ল সোঁৱৰণী প্ৰাইজমানী নক আউট T20 ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় ৷ মৈৰাবাৰী ইন্দিৰা খেল পথাৰত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷

চূড়ান্ত খেল খন শুভাৰম্ভণি কৰে সম্ৰাট মছলাৰ স্বতাধিকাৰী নুৰুল হুদা বেটিং আৰু গৰীবৰ বন্ধ বিৰাজ হাজৰিকাৰ বলিংয়েৰে । চুড়ান্ত খেলখন অনুষ্ঠিত হয় মিজান ইলেভেন দুমদুমীয়া বনাম মামা ইলেভেন নগাঁৱৰ মাজত ।

মিজান ইলেভেনয়ে ১৪ অভাৰ ২ বলত ১০ টা উইকেট হেৰুৱাই ৮৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে মামা ইলেভেনক। তাৰ প্ৰত্যোত্তৰত মামা ইলেভেনয়ে ৯ অভাৰতে ৮৪ ৰান সংগ্ৰহ কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ইফালে, নাজমুল হকে ব্যক্তিগ'ত ভাৱে ১৯ টা বলত ৪৫ ৰান সংগ্ৰহ কৰি মেন অফ দা মেচ লাভ কৰে । এক লাখ টকা প্ৰাইজমানী ক্ৰিকেট খেলৰ বিজয়ী দল মামা ইলেভেনক নগদ ৭০ হাজাৰ টকাৰ লগতে কাদিৰ মুক্তাৰ আৰু হবিবুৰ ৰহমান সোৱৰণী ট্ৰফি প্ৰদান কৰে দাতা ছাইফুল ইছলামে ।

ইয়াৰ বিপৰীতে ৰাণাৰ্চ আপ মিজান ইলেভেন দলে লাভ কৰে ট্ৰফিৰ সৈতে নগদ ধন ৩০ হাজাৰ টকা । উত্তেজনাপূৰ্ণ ফাইনেল ক্ৰিকেট খেল খন কভিড প্ৰটকল পালন কৰি দৰ্শকসকলে উপভোগ কৰে ৷

লগতে পঢ়কঃভাৰত বনাম অষ্ট্ৰেলিয়া দ্বিতীয় টি20ত জয়লাভ ভাৰতৰ

ABOUT THE AUTHOR

...view details