অসম

assam

৭ গৰাকী মল্লযোদ্ধাৰে টকিঅ' অলিম্পিকলৈ যাত্ৰা ভাৰতৰ

By

Published : Jul 14, 2021, 10:28 PM IST

ভাৰতে এইবাৰ সাতগৰাকী মল্লযোদ্ধাৰ সৈতে ৰিঙত অৱতীৰ্ণ হ'ব ভাৰত । শিৰোনামত আছে সাহসী বিনেশ ফোগাট আৰু অতি শক্তিশালী বজৰং পুনিয়া । তাৰ পিছতে অংশু মালিক আৰু সোনম মালিকৰ দৰে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান মল্লযোদ্ধাও আছে, যিয়ে এই ক্ষেত্ৰখনত কনিষ্ঠৰ পৰা তেওঁলোকৰ দ্ৰুত সফলতাৰে সকলোকে আচৰিত কৰি আহিছে ।

Bajrang
৭ গৰাকী মল্লযোদ্ধাৰে টকিঅ' অলিম্পিকলৈ যাত্ৰা ভাৰতৰ

স্পৰ্টছ ডেস্ক,১৪ জুলাই :টকিঅ' অলিম্পিকলৈ (Tokyo Olympic) যাবলগীয়া ভাৰতীয় মল্লযোদ্ধাসকলকলৈ বিশ্বজুৰি চৰ্চা অব্যাহত আছে । তেওঁলোকৰ অতি কমেও তিনিগৰাকী পদকৰ দাবীদাৰ বুলি আশা কৰা হৈছে । ভাৰতে এইবাৰ সাতগৰাকী মল্লযোদ্ধাৰ (Wrestler) সৈতে ৰিঙত অৱতীৰ্ণ হ'ব ।

তেওঁলোকৰ ভিতৰত শিৰোনামত আছে সাহসী বিনেশ ফোগাট (Binesh Phogat) আৰু অতি শক্তিশালী বজৰং পুনিয়া (Bajrang Punia)। তাৰ পিছতে অংশু মালিক আৰু সোনম মালিকৰ দৰে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান মল্লযোদ্ধাও আছে, যিয়ে এই ক্ষেত্ৰখনত কনিষ্ঠৰ পৰা তেওঁলোকৰ দ্ৰুত সফলতাৰে সকলোকে আচৰিত কৰি আহিছে । সেই সকলো খেলুৱৈৰ শক্তি আৰু দুৰ্বলতাবোৰনো কি চাওঁ আহক ।

৭ গৰাকী মল্লযোদ্ধাৰে টকিঅ' অলিম্পিকলৈ যাত্ৰা ভাৰতৰ

বজৰং পুনিয়া (৬৫ কেজি)

শক্তি : ষ্টেমিনা, পাৱাৰ, আক্ৰমণ

দুৰ্বলতা : লেগ ডিফেন্স, পইণ্টবোৰ সোনকালে আয়ত্ত কৰা

মুখ্য সফলতা: তিনিবাৰৰ বিশ্ব পদক বিজয়ী, সাতবাৰ এছিয়ান পদক বিজয়ী

মুখ্য প্ৰতিদ্বন্দী: টাকুটো ওটোগুৰো (জাপান), গাডঝিমুৰাদ ৰাছিদ'ভ (ৰাছিয়া), টুলগা তুমুৰ ওচিৰ (মঙ্গোলিয়া), ইজমাইল মুচজুকাজেভ (হাঙ্গেৰি )

বজৰং বিশ্ব পৰ্যায়ত এক মুখ্য খেলুৱৈ হৈ আছে । তেওঁ অন্তিম ১০ টা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰতিটোতে পোডিয়ামত থিয় হ'বলৈ সক্ষম হৈছে আৰু ছয়টা সোণৰ পদক, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। যথেষ্ট ষ্টেমিনা সমৃদ্ধ বজৰঙৰ বাবে ভৰিৰ প্ৰতিৰক্ষা দীৰ্ঘদিন ধৰি এক সমস্যা হৈ আহিছে ।

তেওঁ খেলৰ এই দিশত যথেষ্ট অনুশীলন কৰি আছে । তেওঁ আটাইতকৈ প্ৰতিযোগিতামূলক ওজন শ্ৰেণীবোৰৰ এটাত প্ৰতিদ্বন্দিতা কৰি আছে য'ত কমেও ৬ৰ পৰা ৮ গৰাকী মল্লযোদ্ধা আছে আৰু সকলবোৰে পদকৰ দাবীদাৰ । ২৭ বছৰীয়া খেলুৱৈগৰাকীয়ে কৌশলগতভাৱে শক্তিশালী প্ৰতিদ্বন্দী থকা ক্ষেত্ৰত অত্যাধিক প্ৰাৰম্ভিক পইণ্ট নিদিবলৈ চেষ্টা কৰিব লাগিব ।

ৰবি দাহিয়া (৫৭ কেজি)

শক্তি : নিৰন্তৰ আক্ৰমণ কৰাৰ সামৰ্থ্য

দুৰ্বলতা : প্ৰাৰম্ভিক পইণ্ট-স্কোৰিঙৰ বাবে অস্থিৰ হ'ব পাৰে

মুখ্য সফলতা: ২০১৯ৰ বিশ্ব মল্লযোদ্ধা চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক, দুবাৰ এছিয়ান চেম্পিয়ন

মুখ্য প্ৰতিদ্বন্দী: জাভুৰ উগুয়েভ (ৰাছিয়া), চুলেমান আতলি (তুৰ্কী), য়ুকি তাকাহাছি (জাপান)

শান্ত আৰু লাজকুৰীয়া ৰবি দাহিয়া এগৰাকী এনে মল্লযোদ্ধা যি বেছি লাইমলাইটত নাছিল কিন্তু এজন প্ৰকৃত পদকৰ দাবীদাৰ । ছত্ৰসাল ষ্টেডিয়ামৰ পৰা এই পৰ্যায়লৈ অহা ৰবি হৈছে এগৰাকী লেহেম ষ্টাৰ্টাৰ কিন্তু সময় যোৱাৰ লগে লগে প্ৰতিযোগিতাখনত তেওঁ আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে । তেওঁৰ অপৰিসীম শক্তি, মনোবল আছে আৰু কাৰিকৰীভাৱে তেওঁ সুস্থ ।

পোলেণ্ড অপেনত হোৱাৰ দৰে তেওঁ দ্বিতীয় অৰ্ধত অত্যাধিক কাম কৰিবলৈ বাকী এৰিব নিবিছাৰে । পোলেণ্ড অপেনৰ ফাইনেলত ০-৮ ৰ অগ্ৰগতিত আছিল আৰু সময়ৰ পূৰ্বে তেওঁ দৌৰিছিল ।

দীপক পুনিয়া (৮৬ কেজি)

শক্তি : ফ্লেক্সিবিলিটী, পাৱাৰ, ষ্টেমিনা, আক্ৰমণ

দুৰ্বলতা : প্ৰতিৰক্ষা

মুখ্য সফলতা : ২০১৯ৰ বিশ্ব মল্লযোদ্ধা চেম্পিয়নশ্বিপত ৰূপৰ পদক , ২০২০ৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক

মুখ্য প্ৰতিদ্বন্দী: হাছান য়াজদানি (ইৰাণ), ডেভিড মৰিছ টেইলৰ (আমেৰিকা), আৰ্তুৰ নাইফোনোভ (ৰাছিয়া)

যেতিয়া দীপকে কনিষ্ঠৰ পৰা জ্যেষ্ঠ বৰ্তনীলৈ অগ্ৰগতি কৰিছে তেওঁ প্ৰতিযোগিতাৰ সময়ৰ ক্ষেত্ৰত কম প্ৰস্তুত খেলুৱৈ যিয়ে টকিঅ'লৈ গৈ আছে । তেওঁ ২০২০ চনৰ বিশ্বকাপৰ পিছত প্ৰতিদ্বন্দিতা কৰা নাই আৰু পোলেণ্ড অপেনৰ পূৰ্বে বাওঁ হাতৰ আঘাতৰ বাবে খেল প্ৰত্যাহাৰ কৰিব লগীয়া হৈছিল ।

বিনেশ ফোগাট (৫৩ কেজি)

শক্তি : শক্তি, কৌশলগত একিউমেন

দুৰ্বলতা : প্ৰতি আক্ৰমণত পইণ্ট হেৰুওৱা

মুখ্য সফলতা :২০১৯ৰ বিশ্ব মল্লযোদ্ধা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক ,২০২১ৰ এছিয়ান চেম্পিয়ন

মুখ্য প্ৰতিদ্বন্দী: মায়ু মুকাইদা (জাপান)

বিনেশে যিদৰে বৰ্তনীটোত আধিপত্য বিস্তাৰ কৰিছে, তেওঁ নিজৰ শ্ৰেণীত এগৰাকী শক্তিশালী সোণৰ প্ৰতিদ্বন্দী । ওজনৰ শ্ৰেণীৰ পৰিৱৰ্তনে তেওঁৰ বাবে ভাল ফলাফল দেখুৱাইছে কিয়নো তেওঁ পেশীত এতিয়া অধিক শক্তি আছে । তেওঁ কৌশলগতভাৱে উৎকৃষ্ট মল্লযোদ্ধা, তেওঁৰ অপৰিসীম শক্তি আছে যিয়ে তেওঁক অন্যতম প্ৰিয় খেলুৱৈ কৰি তুলিব পাৰে । অৱশ্যে, তেওঁ প্ৰতি-আক্ৰমণৰ ওপৰত পইণ্ট হেৰুৱাব পাৰে, যিটো তেওঁৰ বাবে খেলৰ একমাত্ৰ চিন্তাৰ কাৰণ হৈ পৰিছে ।

সীমা বিছলা (৫০ কেজি)

শক্তি : সহনশীলতা, প্ৰত্যাৱৰ্তন কৰাৰ সামৰ্থ্য

দুৰ্বলতা : ডাঙৰ প্ৰতিযোগীতাৰ অভিজ্ঞতাৰ অভাৱ, প্ৰতিৰক্ষা

মুখ্য সফলতা : ২০২১ৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক

মুখ্য প্ৰতিদ্বন্দী: মাৰিয়া ষ্টাডনিক (আজাৰবাইজানী), য়ুই চুচাকি (জাপান)

সীমাই খেলৰ বাবে যোগ্যতা অৰ্জন কৰিব বুলি বহুতে আশা কৰা নাছিল কিন্তু বুলগেৰিয়াৰ ৱৰ্ল্ড কোৱালিফায়াৰত তেওঁৰ উন্নত প্ৰদৰ্শন অন্যতম কাৰণ আছিল । অৱশ্যে তেওঁ কঠোৰ বা বিশাল পৰ্যায়ৰ খেলৰ অভিজ্ঞতাৰ অভাৱ এটা ডাঙৰ সমস্যা । তেওঁৰ শ্ৰেণীত কমেও আঠজন মল্লযোদ্ধা আছে যাৰ বিৰুদ্ধে তেওঁ কেতিয়াও প্ৰতিদ্বন্দিতা কৰা নাই ।

অংশু মালিক(৫৭ কেজি)

শক্তি : কৌশলগতভাৱে শক্তিশালী, আক্ৰমণৰ শৈলী

দুৰ্বলতা : অভিজ্ঞতাৰ অভাৱ

মুখ্য সফলতা : ২০২১ৰ এছিয়ান চেম্পিয়ন

মুখ্য প্ৰতিদ্বন্দী: ৰিচাকো কাৱাই (জাপান), ওডুনায়ো ফোলাচাডে (নাইজেৰিয়া), ইৰিনা কুৰাচকিনা (বেলাৰুচ)

টকিঅ' গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি, অংশুৱে তেওঁৰ লক্ষ্যত উপনীত হৈছে । অংশু মেটত অতি ভয়ংকৰ । টকিঅ' অলিম্পিকে তেওঁক আটাইতকৈ ডাঙৰ পৰ্যায়ৰ খেলৰ অভিজ্ঞতা অৰ্জন কৰাত সহায় কৰিব । তেওঁৰ হেৰুৱাবলৈও একো নাই ।

সোনম মালিক (৬২ কেজি)

শক্তি : কৌশল, প্ৰতি-আক্ৰমণত স্ক'ৰ কৰা

দুৰ্বলতা : অভিজ্ঞতাৰ অভাৱ

মুখ্য সফলতা : ২০২১ৰ এছিয়ান চেম্পিয়ন

মুখ্য প্ৰতিদ্বন্দী : য়ুকাকো কাৱাই (জাপান), আইচুলু টাইনিবেকোভা (কীৰ্গিজস্তান), টাইবে মুস্তাফা য়ুচেইন (বুলগেৰিয়া), কায়লা মিৰাকেল (আমেৰিকা)

পূৰ্বৰ খেলুৱৈ অংশুৰ দৰে সোনম এগৰাকী এনেকুৱা খেলুৱৈ যিয়ে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত আচৰিত হৈছে বহুতো কিয়নো তেওঁ কনিষ্ঠ পৰ্যায়ত প্ৰতিদ্বন্দিতা নকৰাকৈয়ে পোনপটীয়াকৈ জ্যেষ্ঠ বৰ্তনীত খেলিবলৈ গৈ আছে । অৱশ্যে তেওঁ ঘৰুৱা প্ৰতিযোগিতাত ৰিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী সাক্ষী মালিকৰ বিৰুদ্ধে একেৰাহে চাৰিটা বিজয়েৰে খ্যাতি লাভ কৰিছে । ইফালে আঁঠুৰ আঘাতৰ বাবে সোনমৰ চিকিৎসা অব্যাহত আছে যিটোৱে তেওঁৰ খেলৰ প্ৰস্তুতিত যথেষ্ট পৰিামণে বাধা প্ৰদান কৰিছে ।

লগতে পঢ়ক:World Youth Archery Championship লৈ নিৰ্বাচিত বোকাখাতৰ বিশাল

ABOUT THE AUTHOR

...view details