স্পৰ্টছ ডেস্ক, 9 নৱেম্বৰ :শ্বুটিঙৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা কমনৱেলথ গেমছ চেম্পিয়ন তেজস্বিনী সাৱন্তে ট'কিঅ' অলিম্পিক, 2020 লৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ কাটাৰত অনুষ্ঠিত 14 সংখ্যক এছিয়ান শ্বুটিং ছেম্পিয়নশ্বিপৰ 50 মিটাৰ ৰাইফল মহিলা শাখাৰ ফাইনেলত চতুৰ্থ স্থান দখল কৰা লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে শ্বুটাৰগৰাকীয়ে ৷
অলিম্পিক 2020 লৈ যোগ্যতা অৰ্জন শ্বুটাৰ তেজস্বিনী সাৱন্তৰ - অলিম্পিক 2020 লৈ যোগ্যতা কৰিলে তেজস্বিনীয়ে
ট'কিঅ' অলিম্পিক, 2020 লৈ যোগ্যতা অৰ্জন কৰিছে তেজস্বিনী সাৱন্তে ৷ কাটাৰত অনুষ্ঠিত 14 সংখ্যক এছিয়ান শ্বুটিং ছেম্পিয়নশ্বিপৰ 50 মিটাৰ ৰাইফল ফাইনেলত চতুৰ্থ স্থান দখলেৰে যোগ্যতা অৰ্জন কৰে শ্বুটাৰগৰাকীয়ে ৷
তেজস্বিনী সাৱন্ত
ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অলিম্পিকত নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ সুযোগ লাভ কৰিব তেজস্বিনী সাৱন্তে ৷ শ্বুটিং ইভেন্টত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা 12 সংখ্যক শ্বুটাৰ হিচাপে পৰিগণিত হৈছে কোলহাপুৰৰ শ্বুটাৰ তেজস্বিনী ৷