গুৱাহাটী,31 জানুৱাৰীঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ টাইকোৱাণ্ডো দল ৷ চলিত মাহৰ ২৪ৰ পৰা ২৬ তাৰিখলৈ নাচিকত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক ৰাষ্ট্ৰীয় টাং ছো ড' চেম্পিয়নশ্বিপত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ল অসম দলে। অসমৰ পৰা ১৭ জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল এই চেম্পিয়নশ্বিপত । প্ৰতিযোগিতাৰ বিভিন্ন শাখাত মুঠ ২৮ টাকৈ পদক আঁজুৰিবলৈ সক্ষম হয় অসমে । ইয়াৰে ১০ টা সোণ, ৫টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক। ইয়াৰোপৰি অসমৰ সুন্দৰ প্ৰদৰ্শন আৰু পৰিপাটিৰ বাবে অসম দলে শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা বঁটা লাভ কৰিবলৈও সক্ষম হয় । উল্লেখযোগ্য যে, দেশৰ মুঠ ১৪খন ৰাজ্যৰ প্ৰায় ৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাখনত।
ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন অসমৰ টাইকোৱাণ্ডো দলৰ - টাং ছো ড' চেম্পিয়নশ্বিপ
নাচিকত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক ৰাষ্ট্ৰীয় টাং ছো ড' চেম্পিয়নশ্বিপত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ল অসমৰ টাইকোৱাণ্ডো দলে । আঁজুৰি আনিলে 10 টা সোণৰ, 5টা ৰূপৰ আৰু 13টা ব্ৰঞ্জৰ পদক ৷

অসমৰ টাইকোৱাণ্ডো দল