অসম

assam

ETV Bharat / sports

সমকামী সম্পৰ্কত দুতী চান্দ !

মহিলা স্প্ৰিন্টাৰ তথা ভাৰতীয় তাৰকা খেলুৱৈ দুতী চান্দৰ নিজা জীৱনক লৈ বিস্ফোৰক স্বীকাৰোক্তি ৷ এছিয়ান খেলত ভাৰতৰ হৈ দুটা কৈ ৰূপৰ পদক জয় লাভ কৰা দুতী চান্দে ক’লে বিগত কেইবা বছৰ ধৰি সমকামিতাৰ সম্পৰ্কত থকাৰ কথা ৷

By

Published : May 19, 2019, 5:47 PM IST

Updated : May 19, 2019, 11:30 PM IST

মই সমকামিতাৰ সম্পৰ্কত আছো : দুতী চান্দ

স্পৰ্টছ ডেস্ক, 19 মে’:100 মিটাৰ ট্ৰেকত ৰাষ্ট্ৰীয় অভিলেখ গঢ়া দুতী চান্দে নিজৰ সম্পৰ্কলৈ দিলে স্বীকাৰোক্তি ৷ এক সংবাদ মাধ্যমৰ ৱেৱ চাইটক জনোৱা মতে নিজ গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে সম্পৰ্কত থকাৰ কথা উল্লেখ কৰিলে খেলুৱৈগৰাকীয়ে ৷ অৱশ্যে কোন সেইগৰাকী যুৱতী সেইয়া জনোৱাৰ পৰা বিৰত থাকে 23 বছৰীয়া দুতী ৷

মই সমকামিতাৰ সম্পৰ্কত আছো : দুতী চান্দ

খেলুৱৈগৰাকীয়ে স্পষ্ট কৰিলে, তেওঁৰ জীৱনত এনে এগৰাকী লোক আছে যি তেওঁৰ অতিকৈ আপোন ৷ লগতে কোন কাৰ লগত কি সম্পৰ্কত থাকিব সেই সকলোবোৰৰে নিজা-নিজা স্বাধীনতা থাকিব লাগে বুলি উল্লেখ কৰে দুতীয়ে ৷ এইয়া সকলোৰে ব্যক্তিগত জীৱন বুলি কয় খেলুৱৈগৰাকীয়ে ৷

Last Updated : May 19, 2019, 11:30 PM IST

ABOUT THE AUTHOR

...view details