স্পৰ্টছ ডেস্ক, 1 জানুৱাৰীঃ বিশ্ববাসীৰ লগতে অনুৰাগীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলে ক্ৰীড়াজগতৰ বিভিন্ন তাৰকাই ৷ এই তালিকাত আছে ক্ৰিকেটৰ পৰা এথলেটিকছ জগতৰ খ্যাতনামা খেলুৱৈ ৷ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ লগতে ধিং এক্সপ্ৰেছ হিমা দাসে অনুৰাগী তথা দেশবাসীক আনন্দময়, শান্তিপূৰ্ণ আৰু সমৃদ্ধি ভৰা 2020 চনৰ কামনা কৰে ৷
তেণ্ডুলকাৰে টুইটাৰ যোগে প'ষ্ট কৰি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
ভাৰতৰ লগতে অষ্ট্ৰেলিয়াৰ খেলুৱৈ ষ্টিভ স্মিথেও ইষ্টাগ্ৰাম যোগে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ পত্নী ডানী উইলিছিৰ সৈতে ফটো শ্বেয়াৰ কৰি নতুন বৰ্ষত আমাৰ বাবে নতুন কি কি আহিবলগীয়া আছে তাক চাবলৈ ৰৈ থাকিব পৰা নাই বুলি উল্লেখ কৰে ৷
ষ্টিভ স্মিথৰ ইষ্টাগ্ৰাম প'ষ্ট
আনহাতে ভিভিএছ লক্ষ্মণেও নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে দেশবাসীক ৷ টুইটাৰ যোগে লক্ষ্মণে কয়, সম্ভৱত সৰ্বশক্তিমান ঈশ্বৰে আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ শান্তি আৰু সমৃদ্ধি দিয়ক ৷ সুন্দৰ জীৱন আৰু উজ্জল ভৱিষ্যতৰ বাবে শুভকামনা জনায় লক্ষ্মণে ৷
ইপিনে অসম গৌৰৱ হিমা দাসেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ হিমাৰ লগতে জিমনাষ্টিক খেলুৱৈ দিপা কৰ্মকাৰে দেশবাসীক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷