অসম

assam

ETV Bharat / sports

অনুচ্ছেদ 370 বাতিলকৰণক সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে - ৰাজ্যসভাত উত্থাপন

অনুচ্ছেদ 370 বাতিলকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন কৰে ৷

অমিত শ্বাহ

By

Published : Aug 5, 2019, 7:56 PM IST

স্পৰ্টছ ডেস্ক,5 আগষ্ট : সংবিধানৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ সমৰ্থন জনালে ক্ৰীড়া পৰিয়ালে ৷ এই অনুচ্ছেদ অনুসৰি,জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ বাসিন্দা সকলৰ বাহিৰে দেশৰ অন্য লোকে সেই অঞ্চলত মাটি কিনিব নোৱাৰিব ৷ উল্লেখ্য যে,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন কৰে ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ পূৱ দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে টুইটাৰৰ জৰিয়তে অনুচ্ছেদ 370 বাতিলকৰণৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে ৷ টুইটত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ লিখে যে,কোনেও কৰিব নোৱাৰা কাম বিজেপিয়ে কৰি দেখুৱালে আৰু দেশৰ তিৰংগা পতাকা কাশ্মীৰত উৰুৱাবলৈ সক্ষম হ'ল ৷

বেটছমেন সুৰেশ ৰাইনাইও এই সিদ্ধান্তক সমৰ্থন জনাই এইয়া এক যুগান্তকাৰী পদক্ষেপ বুলি মন্তব্য কৰে ৷ মল্লযুঁজাৰু সাক্ষী মালিকে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,অনুচ্ছেদ 370 বাতিলকৰণ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত ৷ ইয়াৰ বাবে দেশ আৰু দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে মালিকে ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ কাইফে মন্তব্য কৰে যে, কাশ্মীৰত শান্তি আৰু প্ৰেম বৰ্তী থাকক ৷

ABOUT THE AUTHOR

...view details