অসম

assam

ETV Bharat / sports

খেলো ইণ্ডিয়াত পুনৰ অসমলৈ স্বৰ্ণপদক - অসমত খেল' ইণ্ডিয়া

বক্সিঙত অসমৰ হৈ স্বৰ্ণ পদক অৰ্জন কৰিলে অংকুশিতা বড়োই ৷

sports boxer ankushita bodo wins Gold in khelo India
অংকুশিতা বড়োৰ স্বৰ্ণ পদক অৰ্জন

By

Published : Jan 22, 2020, 4:25 PM IST

গুৱাহাটী,22 জানুৱাৰীঃখেলো ইণ্ডিয়াত বক্সিঙত অসমৰ স্বৰ্ণ অৰ্জন ৷ স্বৰ্ণ পদক অৰ্জন কৰিলে অসমৰ প্ৰতিভাশালী খেলুৱৈ অংকুশিতা বড়োৱে ৷ ৬৪ কিলোগ্ৰাম ওজনৰ শাখাৰ বক্সিঙৰ ফাইনেল মেচত অংকুশিতা বড়োই হাৰিয়ানাৰ মানিশাক পৰাস্ত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে । অংকুশিতাই হাৰিয়ানাৰ খেলুৱৈ গৰাকীক পৰাস্ত কৰি বক্সিঙত অসমক প্ৰথমটো স্বৰ্ণ পদক দিবলৈ সক্ষম হয় । নিজৰ আক্ৰমণাত্মক প্ৰদর্শনৰ জৰিয়তে বক্সিঙত অসমক প্ৰথমটো স্বৰ্ণ পদক দিবলৈ সক্ষম হয় অংকুশিতা বড়োয়ে ৷

অংকুশিতা বড়োৰ স্বৰ্ণ পদক অৰ্জন

বক্সিঙৰ ফলাফলৰ ক্ষেত্ৰত অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপিত হৈ থকাৰ ফলত অসমে স্বৰ্ণ পদক লাভ কৰিব নে নাই ইয়াকে লৈ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে সন্দেহ প্ৰকাশ কৰিছিল যদিও অৱশেষত স্বৰ্ণ লাভ কৰি অসমলৈ সুখবৰটো কঢ়িয়াই আনে অংকুশিতা বড়োৱে ৷ উল্লেখযোগ্য যে, খেলো ইণ্ডিয়া বক্সিঙৰ ছেমি ফাইনেল খেলাৰ বাবে অসমৰ ১৯ গৰাকীকৈ খেলুৱৈয়ে যোগ্যতা অর্জন কৰিছিল যদিও ইয়াৰে ৫ গৰাকী খেলুৱৈ ফাইনেল খেলে আৰু অংকুশিতাই অসমৰ হৈ একমাত্ৰ স্বৰ্ণ পদক লাভ কৰে।

লগতে পঢ়কঃদিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে

ABOUT THE AUTHOR

...view details