স্পৰ্টছ ডেস্ক, ৩১ মাৰ্চঃদেশত অব্যাহত আছে ক'ভিড-১৯ ৰ প্ৰকোপ । চৰকাৰে ক্ষীপ্ৰতাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশত লকডাউন ঘোষণা কৰাৰ লগতে বহু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে । আনহাতে এই যুদ্ধত দেশৰ জনসাধাৰণেও আৰ্থিক ভাৱে সাহয্য প্ৰধান কৰিছে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সাহয্য় পুঁজিলৈ । প্ৰধানমন্ত্ৰী সাহায্য় পুঁজিলৈ বৰঙণি আগবঢ়ালে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ।
ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইট যোগে এই কথা সদৰী কৰে । আনহাতে ক্ৰীড়া প্ৰাধিকৰণৰ কৰ্মকৰ্তা সকলৰ এই কাৰ্যক শলাগ লয় মন্ত্ৰীগৰাকীয়ে । গ্ৰুপ Aৰ ৩ দিনৰ, গ্ৰুপ Bৰ ২ দিনৰ আৰু অন্যান্য কৰ্মচাৰীৰ এদিনৰ মজুৰি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে । মুঠ ৭৬ লাখ টকা প্ৰধানমন্ত্ৰী সাহায্য পুঁজি কোষাগাৰলৈ প্ৰদান কৰা হৈছে । শনিবাৰে দেশৰ সংকটৰ সময়ত PM-CARES মুকলি কৰি দেশৰ নাগৰিকক সহায়ৰ বাবে আহ্বান কৰিছিল । য'ত বিপুল সহাৰী জনায় দেশৰ বিভিন্ন নাগৰিকৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে ।