কামৰূপ, 19 মে': দেওবাৰে পুৱাই বৰঝাৰস্থিত বিমানবন্দৰত ভাৰতীয় বক্সাৰ দলৰ খেলুৱৈৰ সৈতে উপস্থিত হয় অসম সন্তান শিৱ থাপা । গৃহভূমিত বক্সিং খেলিবলৈ পাই সুখী ভাৰতীয় বক্সাৰ তথা অসম সন্তান শিৱ থাপা । সৰুসজাইত ২০ মে'ৰ পৰা ২৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ইণ্ডিয়ান অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হয় বক্সাৰ গৰাকী ৷
বৰঝাৰ বিমান বন্দৰত শিৱ থাপা - শিৱ থাপা
দ্বিতীয় ইণ্ডিয়ান অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে পুৱাই বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হয় ভাৰতীয় বক্সাৰ তথা অসম সন্তান শিৱ থাপা
![বৰঝাৰ বিমান বন্দৰত শিৱ থাপা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3322894-1076-3322894-1558240720307.jpg)
গৃহভূমিত বক্সিং খেলিবলৈ পাই সুখী শিৱ থাপা
গৃহভূমিত বক্সিং খেলিবলৈ পাই সুখী শিৱ থাপা
সন্মুখত World Boxing Championship আৰু Tokyo Olympic আছে যদিও গৃহভূমি গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া টুৰ্ণামেন্টখনক লৈ অধিক আগ্ৰহী ভাৰতীয় বক্সাৰ শিৱ থাপা ।