স্প’ৰ্টছ ডেস্ক, 1 ছেপ্তেম্বৰ : Asian Youth Championship ত দুৰ্দান্ত প্ৰদৰ্শনেৰে 6 টা সোণ, 9 টা ৰূপ আৰু 5 টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতীয় বক্সাৰসকলে ৷ ক’ভিড-19 সম্পৰ্কীয় ভ্ৰমণৰ সীমাৱদ্ধতাৰ হোৱা পুল আউটৰ ফলত এইবেলি মহিলাৰ প্ৰতিযোগিতা যথেষ্ট হ্ৰাস পাইছিল ৷ প্ৰীতি দহিয়া (60 কেজি), স্নেহা কুমাৰী (66 কেজি), খুশী (75 কেজি) আৰু নেহা (58 কেজি)ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
10 গৰাকী মহিলা ফাইনেলিষ্টৰ ভিতৰত ছয়গৰাকীয়ে তেওঁলোকৰ নিজ নিজ ড্ৰ'ৰ সৰু আকাৰৰ বাবে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিছিল । প্ৰীতি দহিয়াই কাজাখাস্তানৰ যুলডিয ছায়ামেটোভাক 3-2ত পৰাস্ত কৰাৰ বিপৰীতে স্নেহাই ইউ এ ইৰ ৰমা খালফান আলমুৰ্শীদিক ৰূপতে সীমাৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হয় ৷
ইয়াৰ World youth Championship ৰ উপৰি ব্ৰঞ্জ মেডেলিষ্ট বিশ্বামিত্ৰ ছোংথাম (51 কেজি) আৰু বিশালে (80 কেজি) পুৰুষৰ শাখাত স্বৰ্ণ জয় কৰে ৷
লগতে পঢ়ক :ক্ৰিকেটৰ পৰা অৱসৰ ল’লে বেগী বলাৰ Dale Steyn এ
ৰূপৰ পদক লাভ কৰা মহিলা বক্সাৰসকল হ’ল- প্ৰীতি (57 কেজি), খুশী (63 কেজি), তনিশা চান্ধু (81 কেজি), নিবেদিতা (48 কেজি), তমন্না (50 কেজি) আৰু সীমৰণ (52 কেজি) ৷ আনহাতে, পুৰুষৰ ৰূপৰ পদকপ্ৰাপ্ত খেলুৱৈসকল হ’ল সুৰেশ (48 কেজি), বংশৰাজ (63.5 কেজি), জয়দ্বীৰ ৰাৱট (71 কেজি) ৷
ইয়াৰ উপৰি চাৰিগৰাকী পুৰুষ বক্সাৰ আৰু এগৰাকী মহিলা বক্সাৰে এই প্ৰতিযোগিতাখনিত লাভ কৰে ব্ৰঞ্জৰ পদক ৷ ইয়াৰ ভিতৰত আছে দক্ষ (67 কেজি), দীপক (75 কেজি), অভিমন্যু (92 কেজি), অমন সিং বিষ্ট (92+ কেজি) আৰু মহিলাৰ লাশু যাদৱ (70 কেজি) ৷ মংগোলিয়াৰ উলানবেটৰত অনুষ্ঠিত Asian Youth Championship ৰ যোৱাটো সংস্কৰণত ভাৰতে পাঁচটা সোণসহ মুঠ 12 টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷
যুৱ শাখা (Youth Category)ত স্বৰ্ণ পদকপ্ৰাপ্ত খেলুৱৈসকলক 6,000 মাৰ্কিন ডলাৰৰে পুৰস্কৃত কৰাৰ সমান্তৰালকৈ ৰূপৰ পদকপ্ৰাপ্ত সকলক 3,000 মাৰ্কিন ডলাৰ আৰু ব্ৰঞ্জৰ পদকপ্ৰাপ্ত খেলুৱৈসকলক 1,500 মাৰ্কিন ডলাৰেৰে পুৰস্কৃত কৰা হ’ব ৷
লগতে পঢ়ক :Tokyo Paralympics: ভাৰতৰ মাৰিয়াপ্পান থাংগেভেলু-শাৰদ কুমাৰৰ পদক লাভ