অসম

assam

ETV Bharat / sports

শিৱসাগৰৰ তিনি খেলপথাৰৰ দুৰাৱস্থা; কাণসাৰ নাই চৰকাৰ প্ৰশাসনৰ - খেল' ইণ্ডিয়াৰ দ্বাৰা ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ণ

শিৱসাগৰৰ তিনি খেলপথাৰৰ দুৰাৱস্থা ৷ খেলপথাৰৰ অভাৱত অনুশীলন স্থৱিৰ ৷ কাণসাৰ নাই স্থানীয় প্ৰশাসন তথা চৰকাৰৰ ৷

খেলপথাৰৰ অভাৱত অনুশীলন স্থৱিৰ
খেলপথাৰৰ অভাৱত অনুশীলন স্থৱিৰ

By

Published : Oct 7, 2020, 9:09 AM IST

শিৱসাগৰ, 7 অক্টোবৰ : আহোম ৰাজত্বৰ কেন্দ্ৰবিন্দু শিৱসাগৰ । তেতিয়াৰ পৰা শিক্ষা-সংস্কৃতিৰ লগতে ক্ৰীড়াৰ বিষয়ত শিৱসাগৰে বিশেষ স্থান লাভ কৰি আহিছে । আহোম ৰাজত্বকালতে নিৰ্মাণ হোৱা ৰংঘৰৰ বাকৰিত এনে বহু খেল-ধেমালি অনুষ্ঠিত হৈছিল । পৰৱৰ্তী সময়ত আধুনিক ক্ৰীড়াতো শিৱসাগৰৰ নাম সোণালী আখৰেৰে খোদিত হৈছিল । অসমৰ প্ৰথম অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ ঘৰ শিৱসাগৰত । তৈয়াবুন নিছাৰ দৰে এথলিট, পৱন গোঁহাইৰ দৰে ফুটবলাৰকে আদি কৰি বৰ্তমানৰ দিনলৈ বহু খেলুৱৈয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত দপদপাই আছে । কিন্তু এইহেন শিৱসাগৰৰ সদৰ শিৱসাগৰ নগৰত এতিয়া এখন খেলপথাৰৰ অভাৱ । খেলপথাৰৰ অভাৱত আজিৰ প্ৰজন্মই অনুশীলন কৰিব পৰা নাই খেলৰ ।

শিৱসাগৰৰ খেলপথাৰৰ দুৰাৱস্থা

পুৰণি ইতিহাস আৰু সুনাম থকা শিৱসাগৰ নগৰত এতিয়া ক্ৰীড়াৰ তথৈবচ অৱস্থা । মূলতঃ শিৱসাগৰ নগৰত খেলপথাৰৰ অভাৱৰ বাবে ক্ৰীড়া অনুশীলন স্থৱিৰ হৈ পৰিছে । শিৱসাগৰ নগৰৰ তিনিখন মূল খেলপথাৰৰ অৱস্থা বৰ্তমান শোচনীয় । শতিকা পুৰণি বৰ্ডিং খেলপথাৰ আৰু দৰবাৰ খেলপথাৰ ক্ৰমে মৃত্যুৰ দিশে আগবাঢ়িছে ।

শিৱসাগৰৰ তিনি খেলপথাৰৰ দুৰাৱস্থা

সেইদৰে পিয়ল ফুকন ষ্টেডিয়ামো বৰ্তমান এলাগী হৈ পৰি ৰৈছে । নগৰৰ একমাত্ৰ পূৰ্ণাংগ ষ্টেডিয়াম ৰূপে গঢ় দিবলৈ চেষ্টা কৰা পিয়লি ফুকন ষ্টেডিয়ামত বিগত প্ৰায় তিনি বছৰ ধৰি কোনো ক্ৰীড়া অনুশীলন সম্পন্ন হোৱা নাই । বিগত দিনত কোটি টকা খৰচ কৰিও আজিলৈকে ষ্টেডিয়ামখন খেলৰ উপযোগী কৰি তুলিব পৰা নগ'ল। বাৰিষাৰ দিনত এক আঁঠু পানী হোৱা ষ্টেডিয়ামখনত খৰালিৰ দিনতো কোনো খেল খেলিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হ'ল ।

শিৱসাগৰৰ তিনি খেলপথাৰৰ দুৰাৱস্থা

শতিকা পুৰণি, পুৰণি বৰ্ডিং খেলপথাৰ কেৱল মেল-মিটিং-চৰকাৰী অনুষ্ঠান আদিৰ বাবে মৃত্যুৰ মুখত পৰিছে। কিন্তু এইখন খেলপথাৰতে যোৱা শতিকাৰ আশীৰ দশকত সন্মানীয় ফেডাৰেছন কাপ ফুটবল অনুষ্ঠিত হৈছিল। ইষ্ট বেংগল,মহমেদান স্পৰ্টিং,অসম পুলিচ আদিৰ দৰে আগশাৰীৰ ৰাষ্ট্ৰীয় দলে এই খেলপথাৰত খেলিছিল। কিন্তু প্ৰশাসনৰ অমনোযোগিতাৰ বাবে এই খেলপথাৰৰ মৃত্যু হৈছে ।

শিৱসাগৰৰ তিনি খেলপথাৰৰ দুৰাৱস্থা

দৰবাৰ খেলপথাৰ শিৱসাগৰৰ সকলোতকৈ পুৰণি খেলপথাৰ। এই খেলপথাৰত অনুশীলন কৰি শিৱসাগৰৰ পৰা বহু উচ্চ পৰ্যায়ৰ খেলুৱৈ জন্ম হৈছিল । কিন্তু ছিনঠেটিক ট্ৰেক স্থাপনৰ নামত অপৰিকল্পিতভাৱে এই খেলপথাৰ খান্দি দিয়াৰ পাছৰে পৰা দৰবাৰ খেলপথাৰ খেলৰ অনুপযোগী হৈ পৰে। এতিয়া খেলপথাৰখন কেৱল খৰালি দিনতহে খেলৰ উপযোগী হৈ আছে । আন সময়ত গৰুৰ চৰণীয়া পথাৰৰূপে পৰিচিত হয় । এই তিনিখন খেল পথাৰ এসময়ত শিৱসাগৰৰ পৰিচয় আছিল যদিও আজি ধ্বংসৰ গৰাহত পৰিছে ।

অৱশ্যে এই খেলপথাৰসমূহৰ এনে অৱস্থাৰ বাবে স্থানীয় প্ৰশাসন তথা চৰকাৰৰ লগতে ক্ৰীড়া সংগঠকৰ অমনোযোগিতা জড়িত হৈ আছে । বৰ্তমানৰ চৰকাৰে খেল' ইণ্ডিয়াৰ দ্বাৰা ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়ণৰ যি এক শ্লোগান দিছিল তেনে শ্লোগানে শিৱসাগৰৰ পুৰণি এই খেলপথাৰ সমূহক চুই যাব নোৱাৰিলে । মুখ্যমন্ত্ৰীৰ পৰিকল্পনাৰ অধীনত গ্ৰামাঞ্চলত 11 খন বিদ্যালয় খেলপথাৰৰ কাম চলি আছে যদিও ইয়াৰ ফলত নগৰৰ খেলুৱৈৰ কোনো লাভ নহয় । তথাপিও চৰকাৰে ঐতিহাসিক শিৱসাগৰৰ এই তিনি খেলপথাৰ উন্নয়ণত কোনো ব্যৱস্থা লোৱা নাই । চৰকাৰৰ ক্ৰীড়া বিভাগো এইক্ষেত্ৰত নিৰ্লিপ্ত ।

লগতে পঢ়ক :শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন

ABOUT THE AUTHOR

...view details