স্পৰ্টছ ডেস্ক, ১৪ জুলাই :ভাৰতীয় তাৰকা শ্বাটলাৰ পিভি সিন্ধু আৰু লক্ষ্য সেনে ইউএছ অপেন ছুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ মহিলা আৰু পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে । দুয়োগৰাকী ভাৰতীয় শ্বাটলাৰে পোনপটীয়া ছেটত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান সুনিশ্চিত কৰে । দুবাৰকৈ অলিম্পিকৰ পদক বিজয়ী তথা তৃতীয় ৰেংকৰ তাৰকা শ্বাটলাৰ সিন্ধুৱে কোৰিয়াৰ চুং চুও য়ুনক ২১-১৪, ২১-১২ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, বিগত সপ্তাহত কানাডা অপেন ছুপাৰ 500 খিতাপ দখল কৰি উজ্জীৱিত হৈ থকা লক্ষ্য সেনে চেক গণৰাজ্যৰ জান লুডাক ৩৯ মিনিটত ২১-৮, ২৩-২১ৰ ব্যৱধানত পৰাস্ত কৰে ।
সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ গাও ফাং জিয়েৰ মুখামুখী হ'ব । আনহাতে, পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেনৰ আন এগৰাকী ভাৰতীয় শ্বাটলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব । তৃতীয় স্থানৰ সেনে চেন্নাইৰ প্ৰতিশ্ৰুতিসম্পন্ন ১৯ বছৰীয়া শ্বাটলাৰ এছ শংকৰ মুথুস্বামীৰ মুখামুখী হ'ব । উল্লেখ্য, ২০২২ চনৰ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী শংকৰে আকৰ্ষণীয় যুঁজৰ অন্তত ইজৰাইলৰ মিছা জিলবাৰমেনৰ বিৰুদ্ধে প্ৰিকোৱাৰ্টাৰত ২১-১৮, ২১-২৩, ২১-১৩ ব্যৱধানত জয়লাভ কৰে ।
উল্লেখ্য যে সিন্ধুৱে চুঙৰ বিৰুদ্ধে বেছি কষ্ট কৰিবলগা নহ'ল । তেওঁৰ প্ৰতিপক্ষই মেচখনত ভাৰতীয় শ্বাটলাৰগৰাকীৰ বিৰুদ্ধে বিশেষ কোনো প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰিলে । সিন্ধুৱে ১৩-৫ লৈ অগ্ৰগতি লোৱাৰ পূৰ্বে আৰম্ভণিতে ৭-২ ৰ অগ্ৰগতি লাভ কৰিছিল । অৱশ্যে চুঙে এই ব্যৱধান ১১-১৪ লৈ হ্ৰাস কৰিবলৈ সক্ষম হয় যদিও সিন্ধুৱে প্ৰত্যাৱৰ্তনৰ কোনো সুবিধা প্ৰদান কৰা নাছিল । অৱশেষত দীঘলীয়া ৰেলীৰ অন্তত সিন্ধুৱে বিজয় আঁজুৰি আনিবলৈ সক্ষম হয় ।