অসম

assam

By

Published : Mar 10, 2020, 5:34 PM IST

ETV Bharat / sports

অষ্টমজন ভাৰতীয় বক্সাৰৰ ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন

ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অষ্টম গৰাকী ভাৰতীয় বক্সাৰ চিমৰনজিত কৌৰ ৷ এছিয়ান/ওছেনিয়ান অলিম্পিক কোৱালিফায়াৰ্ছৰ 60 কে. জি. শাখাত মংগোলিয়াৰ নামুন মোনখোৰক পৰাস্ত কৰে কৌৰে ৷

চিমৰনজিত কৌৰৰ যোগ্যতা অৰ্জন
আঠ গৰাকী ভাৰতীয় বক্সাৰৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন

স্পৰ্টছ ডেস্ক, 10 মাৰ্চ :ভাৰতীয় বক্সাৰ চিমৰনজিত কৌৰে আগন্তুক ট'কিঅ' অলিম্পিক, 2020 লৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এছিয়ান/ওছেনিয়ান অলিম্পিক কোৱালিফায়াৰ্ছৰ 60 কে. জি. শাখাত মংগোলিয়াৰ নামুন মোনখোৰক 5-0ব্যৱধানত পৰাস্ত কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় চিমৰনে ৷ ইয়াৰ জৰিয়তে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অষ্টম গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছে চিমৰনজিত কৌৰ ৷

তেওঁৰ পূৰ্বে ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অন্য ভাৰতীয় বক্সাৰসকল হৈছে অমিত পাংঘাল, পূজা ৰানী, লভলিনা বৰগোঁহাই, বিকাশ কৃষণ, সতীশ কুমাৰ, মেৰী কম আৰু আশীষ কুমাৰ ৷

উল্লেখ্য যে, এছিয়ান/ওছেনিয়ান অলিম্পিক কোৱালিফায়াৰ্ছত মংগোলিয়াৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে চিমৰনজিতে ৷ ছেমি ফাইনেলৰ যুঁজত চিমৰনে চাইনীজ টাইপেইৰ ছিহ-য়ি য়ুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷

তেওঁৰ উপৰি বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদকজয়ী মনীষ কৌশিকে (63 কে.জি.) মংগোলিয়াৰ চিনজোৰিগ বাটাৰছুখৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত 2-3 ব্যৱধানত পৰাস্ত হয় ৷ পৰাস্ত হ'লেও মনীষ কৌশিকে অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ অন্য এক সুযোগ লাভ কৰিব ৷ তেওঁৰ উপৰি শচীন কুমাৰেও (81 কে.জি.) কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হ'লেও অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সুযোগ পাব ৷

আৰু পঢ়ক : টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন এম চি মেৰী কমৰ

ABOUT THE AUTHOR

...view details