স্প’ৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ : টকিঅ’ পেৰালিম্পিক (Tokyo Paralympic)ত ভাৰতৰ নামত তৃতীয়টো স্বৰ্ণ ৷ P4 Mixed 50m Pistol SH1 ইভেণ্টত স্বৰ্ণ লাভ শ্বুটাৰ মনীষ নাৰৱালৰ ৷ আনহাতে একেখন মেচতে ৰূপৰ পদক লাভ কৰিছে সিংঘৰাজ আদানাই ৷ 218.2 পইণ্টৰে নতুন পেৰালিম্পিক ৰেকৰ্ড গঢ়িলে 19 বৰ্ষীয় নাৰৱালে ৷
ইপিনে P1 men's 10m air pistol SH1 ইভেণ্টত ব্ৰঞ্জ লাভ কৰা সিংঘৰাজ আদানাই 216.7 পইণ্টৰে ৰূপৰ পদক নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰে ৰাছিয়াৰ চাৰ্জে মেলিশেভে ৷ ইয়াৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডত 536 ৰে চতুৰ্থ স্থানত আছিল আদানা আৰু 533 ৰে সপ্তম স্থানত আছিল নাৰৱাল ৷