গুৱাহাটী, 17 জানুৱাৰীঃ খেল’ ইণ্ডিয়াত আকৌ জিলিকিল অসমৰ খেলুৱৈ ৷ দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহৰ অষ্টমটো দিনত অসমে লাভ কৰিবলৈ সক্ষম হ'ল দুটাকৈ পদক। এইবাৰ সাঁতোৰত সফলতা অসমৰ ৷ সাঁতোৰ প্ৰতিযোগিতাত ছোৱালী ২১ অনুৰ্ধ্ব ২০০ মিঃ ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল অসমৰ শিবাংগী শৰ্মাই । ইয়াৰ পিচতে ২৮ টালৈ বৃদ্ধি পালে অসমৰ পদকৰ সংখ্যা। উল্লেখ্য যে ১৩৬ টা পদকৰে তালিকাৰ শীৰ্ষত অপ্ৰতিৰোধ্য হৈ আছে মহাৰাষ্ট্ৰ।
জলকন্যা শিবাংগীৰ স্বৰ্ণ জয় - সাঁতোৰ প্ৰতিযোগিতা
দেশৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহত পুনৰ স্বৰ্ণজয় অসমৰ ৷ সাঁতোৰত স্বৰ্ণ জয় অসম কন্যা শিবাংগী শৰ্মাৰ ৷
জলকন্যা শিবাংগীৰ স্বৰ্ণ জয়