স্পৰ্টছ ডেস্ক,২৪ মে': ছয় বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় বক্সাৰ মেৰী কমে বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে । ৫১ কে. জি. শাখাত মেৰী কমে নিখট জাৰীনক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰে।
ইণ্ডিয়া অ'পেনৰ ফাইনেলত শিৱ থাপা, মেৰী কম - অমিত পাংঘাল
গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে মেৰী কম,শিৱ থাপা,অমিত পাংঘাল,শচীন শিৱসে
![ইণ্ডিয়া অ'পেনৰ ফাইনেলত শিৱ থাপা, মেৰী কম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3370943-thumbnail-3x2-mary-2.jpg)
মেৰী কম
তেওঁৰ উপৰি এছিয়ান গেমছৰ স্বৰ্ণজয়ী অমিত পাংঘাল আৰু এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক দখলকাৰী শিৱ থাপা আৰু শচীন শিৱসে ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলৰ যুঁজত শচীন শিৱসে কমনৱেলথ গেমছ চেম্পিয়ন গৌৰৱ চোলাংকীক পৰাস্ত কৰাৰ লগতে শিৱ থাপাই ডি ক্ৰিষ্টিয়ানক আৰু অমিত পাংঘালে পি. এল. প্ৰসাদক পৰাস্ত কৰে।