স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰ :জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হ’ল ভাৰতীয় বক্সাৰ শিৱ থাপা (Indian boxer in Asian Boxing Championship) ৷ শিৱ ফাইনেল খেলখনৰ মাজতেই আঘাতপ্ৰাপ্ত হোৱাত খেলখন আধাতেই প্ৰত্যাহাৰ কৰিবলগীয়া হয় । অৱশ্যে প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰিলেও ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় শিৱ ৷
ফাইনেলত পৰাস্ত হ’লেও চলিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো শিৱ থাপাই নিজৰ ফৰ্ম অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত শিৱই ২০১৯ চনৰ এছিয়ান চেম্পিয়ন তাজিকিস্তানৰ বখোদুৰ উচমানভক পৰাস্ত কৰি ফাইনেলত অৱতীৰ্ণ হয় । ফাইনেলত তেওঁ উজবেকিস্তানৰ আব্দুল ৰুছলানৰ বিৰুদ্ধে অৱতীৰ্ণ হয়(Shiva Thapa in Asian Boxing Championships final) ৷
ফাইনেল খেলখনৰ প্ৰথম ৰাউণ্ডত দুয়োজন বক্সাৰে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও শেষত, উজবেকিস্তানৰ বক্সাৰগৰাকীয়ে আধিপত্য বিস্তাৰ কৰে । দ্বিতীয় ৰাউণ্ডত, থাপাই পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও তেওঁ পৰি আঘাতপ্ৰাপ্ত হয় ৷ শিৱৰ এই আঘাত গুৰুতৰ হোৱাত ৰেফাৰীয়ে খেলখন বন্ধ কৰে আৰু প্ৰতিদ্বন্দী আব্দুল' ৰুছলানক বিজয়ী ঘোষণা কৰে ৷