অসম

assam

ETV Bharat / sports

24 বাৰ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ কামি ৰীতাৰ

এবাৰ দুবাৰ নহয় 24 বাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ইতিহাস ৰচিলে নেপালৰ কামি ৰীতাই ৷ এই সফলতাৰ পিচত কাঠমাণ্ডু বিমানবন্দৰত শ্বেৰপা জনজাতীয় সংস্কৃতিৰে উষ্ম আদৰণি ৰীতাক ৷

24 বাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কামি ৰীতাৰ

By

Published : May 25, 2019, 9:06 PM IST

নিউজ ডেস্ক, 25 মে’:মঙলবাৰে 24 বাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি স্ব-গৃহলৈ আহিল 49 বছৰীয়া নেপালৰ কামি ৰীতা ৷ শনিবাৰে কাঠমাণ্ডু বিমানবন্দৰত পৰ্বতাৰোহীগৰাকীক শ্বেৰপা জনজাতীয় সংস্কৃতিৰে উষ্ম আদৰণি জনায় বহু অনুৰাগীৰ লগতে পত্নীয়ে ৷

24 বাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কামি ৰীতাৰ

শনিবাৰে বিমানবন্দৰত উপস্থিত হয় পৰ্বতাৰোহীগৰাকীয়ে কয়, তেওঁ বৰ্তমান যথেষ্ট ভাগৰুৱা যাৰ বাবে তেওঁ কিমান সুখী নে কিমান দুখী সেই সন্দৰ্ভত নিজৰ অনুভৱ কাইলৈ দিম বুলি মন্তব্য কৰে কামি ৰীতাই ৷ নেপালৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই আদৰণি জনোৱা হয় পৰ্বতাৰোহীগৰাকীক ৷ মঙলবাৰে মাউণ্ট এভাৰেষ্টৰ 8850 মিটাৰৰ উচ্চ শিখৰ আৰোহণ কৰি অভিলেখ ৰচিবলৈ সক্ষম হৈছিল কামি ৰীতাই ৷ ইয়াৰ পূৰ্বে পোন প্ৰথমবাৰৰ বাবে 1994 চনত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল কামি ৰীতাই ৷

ABOUT THE AUTHOR

...view details