অসম

assam

ETV Bharat / sports

Commonwealth Games 2022: টেবুল টেনিছৰ পুৰুষ একক শাখাৰ খিতাপ দখল শৰৎ কমলৰ - ভাৰতৰ তাৰকা খেলুৱৈ শৰৎ কমল

কমনৱেলথ গেমছৰ অন্তিম দিনা এটাৰ পাছত আনটো স্বৰ্ণ অৰ্জন টীম ইণ্ডিয়াৰ ৷ বেডমিন্টনৰ পাছত এইবাৰ টেবুল টেনিছৰ পুৰুষ একক শাখাত স্বৰ্ণ অৰ্জন শৰৎ কমলৰ(Sharath Kamal wins gold in table tennis) ৷ নিউজিলেণ্ডক পিছ পেলাই পদক তালিকাৰ চাৰি নম্বৰত ভাৰত ৷

Commonwealth Games 2022
টেবুল টেনিছৰ পুৰুষ একক শাখাৰ খিতাপ দখল শৰৎ কমলৰ

By

Published : Aug 8, 2022, 9:28 PM IST

স্পৰ্টছ ডেস্ক, 8 আগষ্ট: অচন্ত শৰৎ কমলে সোমবাৰে কমনৱেলথ গেমছৰ টেবুল টেনিছৰ পুৰুষৰ একক শাখাত স্বৰ্ণ জয় কৰে(Sharath Kamal wins Gold in table tennis mens singles) ৷ ভাৰতৰ তাৰকা খেলুৱৈ শৰৎ কমলে(Indian paddler Sharath Kamal) ইংলেণ্ডৰ লিয়াম পিটচফৰ্ডক 11-13, 11-7, 11-2, 11-6, 11-8 ছেটত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰে ৷ উল্লেখ্য যে, শৰৎ এইবাৰ কমনৱেলথ গেমছত অপ্ৰতিৰোধ্য আছিল ।

শৰৎ কমলে কমনৱেলথ গেমছৰ ৰাউণ্ড অফ 32 ত অষ্ট্ৰেলিয়াৰ ফিন লুক 4-0 ত পৰাস্ত কৰিছিল । ৰাউণ্ড অফ 16ত, শৰৎ কামালে নাইজেৰিয়াৰ ওলাজিদে ওমোটায়োৰ বিৰুদ্ধে 4-2 ব্যৱধানত জয়লাভ কৰে ৷ ইয়াৰ পাছত তেওঁ কোৱাৰ্টাৰ ফাইনেলত ছিংগাপুৰৰ আইজাক কোৱেক য়ংক 4-0 ব্যৱধানত আৰু ছেমি ফাইনেলত ইংলেণ্ডৰ পল ড্ৰিংকহল 4-2 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

ফাইনেলত তেওঁ ইংলেণ্ডৰ লিয়াম পিটচফৰ্ডক 4-1 ব্যৱধানত পৰাস্ত কৰে প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰে ৷ শৰৎ চলিত কমনৱেলথ গেমছ 2022 ৰ বিভিন্ন শাখাত মুঠ 7টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়(Sharath Kamal Wins 7 medal in CWG 2022) ৷ ভাৰতে কমনৱেলথ গেমছত এতিয়ালৈ 22 টা স্বৰ্ণ, 16 ৰূপ আৰু 23 ব্ৰঞ্জৰে সৈতে মুঠ 61 টা পদত লাভ কৰিবলৈ সক্ষম হৈছে ৷ পদক তালিকাৰ শীৰ্ষত আছে আষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু কানাডা ৷

লগতে পঢ়ক :Commonwealth Games 2022: বেডমিণ্টনত পুৰুষৰ ডাবলছত স্বৰ্ণ অৰ্জন সাতৱিক-চিৰাগৰ

ABOUT THE AUTHOR

...view details