স্পৰ্টছ ডেস্ক, ২৬ মাৰ্চ :শনিবাৰে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ পৰা ভাৰতীয় বক্সিঙৰ জোলোঙাত সোমায় দ্বিতীয়টো স্বৰ্ণ পদক (IBA World Womens Boxing Championship 2023) । নীতু ঘাঙ্ঘাছৰ পিছত স্বৰ্ণ জয় কৰে ছুইটী বোৰাই (Nitu Ghanghas won gold medal in world boxing championship) । লাইট হেভিৱেইট (৮১ কেজি) শাখাত তেওঁ চীনৰ ৱাং লিনাক পৰাস্ত কৰে । ফলত শনিবাৰে ফাইনেলত প্ৰৱেশ কৰা দুই ভাৰতীয় বক্সাৰেই সোণৰ পদক অৰ্জন কৰে । ভাৰতৰ সপ্তমগৰাকী বক্সাৰ হিচাবে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰে ছুইটীয়ে (Saweety Boora won gold medal in world boxing championship) ।
উল্লেখ্য যে বৰ্তমান সময়ত বক্সিঙত ছুইটীৰ প্ৰদৰ্শন আকর্ষণীয় পৰ্যায়ত আছে । এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো স্বৰ্ণ জয় কৰিছিল তেওঁ । এইবাৰ বিশ্বশ্ৰেষ্ঠ হ'ল । ইয়াৰ পূৰ্বে দেশ-বিদেশত একাধিক পদক জয় কৰিছে ছুইটীয়ে । ছুইটীৰ স্বামী দীপকো এগৰাকী ক্রীড়াবিদ । দীপক ভাৰতীয় কাবাডী দলৰ সৈতে জড়িত । বিগত বছৰৰ জুলাই মাহত তেওঁলোক বিবাহপাশত আবদ্ধ হয় ।
শনিবাৰে ভাৰতক প্রথমটো স্বৰ্ণ পদক উপহাৰ দিয়ে নীতু ঘাঙ্ঘাছে । ৪৮ কেজি শাখাত নীতুৰ পৰা পদকৰ আশা আছিল ভাৰতৰ । কিন্তু সেয়া যে স্বৰ্ণ পদক হ'ব তাৰ অনুমান কোনেও কৰিব পৰা নাছিল । কিন্তু ২২ বছৰীয়া যুৱ বক্সাৰগৰাকী ফাইনেলত প্ৰৱেশৰ পিচত তেওঁক লৈ আশা বৃদ্ধি পায় ভাৰতীয় বক্সিং মহলৰ ।