অসম

assam

ETV Bharat / sports

Indian tennis star Sania Mirza: কেৰিয়াৰৰ অন্তিম গ্ৰেণ্ডশ্লাম ফাইনেলত পৰাস্ত হৈ ভাবুক ছানিয়া - অষ্ট্ৰেলিয়ান অপেনৰ মিক্সড ডাবলছ

অষ্ট্ৰেলিয়ান অ'পেনৰ মিক্সড ডাবলছৰে কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ডশ্লাম খেলিলে ভাৰতৰ টেনিছ তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাই । মিক্সড ডাবলছ কেৰিয়াৰৰ প্ৰথম অংশীদাৰ ৰোহন বোপান্নাৰ সৈতে কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লামত অৱৰ্তীণ হয় ছানিয়া ৷ নিজৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰা মেলৱৰ্ণতে ছানিয়াই সামৰিলে গ্ৰেণ্ডশ্লাম কেৰিয়াৰ(Indian tennis star Sania Mirza) ৷

Indian tennis star Sania Mirza
কেৰিয়াৰ অন্তিম গ্ৰেণ্ডশ্লাম ফাইনেলত পৰাস্ত হৈ ভাবুক ছানিয়া

By

Published : Jan 27, 2023, 9:56 PM IST

স্পৰ্টছ ডেস্ক, ২৭ জানুৱাৰী: কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ডশ্লামৰ ফাইনেলত শুকুৰবাৰে পৰাস্ত হোৱাৰ পাছত ভাবুক হৈ পৰে ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা(Sania Mirza lost last grand slam ) ৷ অষ্ট্ৰেলিয়ান অ'পেনৰ মিক্সড ডাবলছত ৰাৰ্ণাছ আপেৰে কেৰিয়াৰ সামৰণি মাৰে ভাৰতৰ তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাই(Indian tennis star Sania Mirza) ৷ ছানিয়া আৰু ৰোহন বোপান্নাৰ যুটিৱে ৰড লেভাৰ এৰেনাত অনুষ্ঠিত মিক্সড ডাবলছৰ ফাইনেলত ব্ৰাজিলৰ যুটি লুইছা ষ্টিফেনি আৰু ৰাফেল মাটোছৰ হাতত ৬-৭ (২) ২-৬ ব্যৱধানত পৰাস্ত হয় ।

উল্লেখ্য যে, ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই ২০০৫ চনত মেলবৰ্ণত তেওঁৰ কেৰিয়াৰৰ আৰম্ভ কৰিছিল ৷ ছানিয়াই নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৬ টাকৈ গ্ৰেণ্ড শ্লাম অৰ্জন কৰিছিল । ইয়াৰে ৩ টা গ্ৰাণ্ড শ্লাম মহিলাৰ ডাবলছৰ আৰু বাকীকেইটা মিক্সড ডাবলছত তেওঁ লাভ কৰিছিল(Australian Open mixed doubles) । আজি খেলখনৰ পাছত ছানিয়া আবেগিক হৈ পৰাৰ লগতে চকুলো নিগৰে ৷

ফাইনেল খেলখনৰ পাছত ছানিয়াই হাতত মাইক লৈ আবেগক নিয়ন্ত্ৰণ কৰি এয়া সুখৰ চকুপানী বুলি উল্লেখ কৰে । ছানিয়াই তেওঁক কৰা সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জনোৱাৰ লগতে ব্ৰাজিলিয়ান বিজয়ী যুটিটোকো অভিনন্দন জনায় । তেওঁ ২০০৫ চনত মেলবৰ্ণৰ পৰা তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰি গ্ৰেণ্ড শ্লাম কেৰিয়াৰক বিদায় জনোৱাৰ বাবে ইয়াতকৈ ভাল ঠাই থাকিব নোৱাৰিলেহেঁতেন বুলি মন্তব্য কৰে ।

ইফালে তেওঁৰ মিক্সড ডাৱলছৰ অংশীদাৰ ৰোহন বাপান্নাকো তেওঁৰ ভবিষ্যৎ কেৰিয়াৰৰ বাবে শুভেচ্ছা জনাই কয়,"ৰোহন মোৰ কেৰিয়াৰ প্ৰথম মিক্সড ডাবলছ অংশীদাৰ আছিল ৷ তেতিয়া মোৰ বয়স আছিল ১৪ বছৰ আৰু আমি নেচনেল জিকিছিলো ৷ এয়া ২২ বছৰ আগৰ কথা ৷ তেওঁ মোৰ আটাইতকৈ ভাল বন্ধু আৰু মোৰ এজন শ্ৰেষ্ঠ অংশীদাৰ ।" উল্লেখ্য যে, ৪২ বছৰীয়া বোপান্নাই ফ্ৰান্স অপেনৰ মিক্সড ডাবলছত গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰিছে ।

উল্লেখ্য যে, ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে ইতিমধ্যে টেনিছ কেৰিয়াৰৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰিছে ৷ অহা মাহত ডুবাইত অনুষ্ঠিত হ'বলগীয়া ডব্লিউটিএ ইভেণ্ট ৩৬ বছৰীয়া ছানিয়াৰ কেৰিয়াৰৰ অন্তিম প্ৰতিযোগিতা হ'ব ।

উল্লেখ্য যে, ছানিয়াই ভাৰতৰ অৱসৰপ্ৰাপ্ত তাৰকা টেনিছ খেলুৱৈ মহেশ ভূপতিৰ লগত যুঁটি বান্ধি ২০০৯ চনত অষ্ট্ৰেলিয়ান অ’পেন আৰু ২০১২ চনত ফ্ৰেন্স অ’পেনৰ মিক্সড ডাবলছৰ খিতাপ দখল কৰিছিল । ২০১৪ চনত তেওঁ ব্ৰাজিলৰ ব্ৰুনো চ'ৰেছৰ সৈতে যুঁটি বান্ধি ইউএছ অ’পেন মিক্সড ডাবলছৰ খিতাপ অৰ্জন কৰিছিল । ৰড লেভাৰ এৰেনাত তেওঁৰ বহু অভিলেখ আছে ৷ তেওঁ ইয়াত মহিলাৰ দ্বৈত আৰু মিক্সড ডাবলছ খিতাপ জিকিছে । ইয়াৰ উপৰিও, তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত চাৰিবাৰ ৰাৰ্ণাৰ-আপ হৈছে ।

লগতে পঢ়ক:ICC Mens T20 International Cricketer : সূৰ্যকুমাৰ যাদৱ ২০২২ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ আইচিচি টি২০ ক্ৰিকেটাৰ

ABOUT THE AUTHOR

...view details