অসম

assam

ETV Bharat / sports

Sania Mirza announces retirement : অৱসৰ ল'ব টেনিছ তাৰকা ছানিয়া মিৰ্জাই - অৱসৰ ল'ব টেনিছ তাৰকা ছানিয়া মিৰ্জাই

ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই বুধবাৰে ঘোষণা কৰিছে অৱসৰৰ কথা (Sania Mirza to retire after this season) । ২০২২ চনটোৱে হ'ব তেওঁৰ খেলৰ অন্তিম বৰ্ষ । অষ্ট্ৰেলিয়ান অপেন-২০২২ ত মহিলাৰ দ্বৈত শাখাৰ প্ৰথম ৰাউণ্ডত পৰাজিত হোৱাৰ পাছত অৱসৰৰ কথা ঘোষণা কৰে খেলুৱৈগৰাকীয়ে ।

Sania Mirza announces retirement
অৱসৰ ল'ব টেনিছ তাৰকা ছানিয়া মিৰ্জাই

By

Published : Jan 19, 2022, 6:33 PM IST

স্প’ৰ্টছ ডেস্ক, ১৯ জানুৱাৰী :ছানিয়া মিৰ্জাৰ অনুৰাগীসকলৰ বাবে এটি দুঃখবৰ ৷ টেনিছ ক’ৰ্টত আৰু দেখা নাযাব ভাৰতীয় ললনা তথা জনপ্ৰিয় টেনিছ তাৰকা ছানিয়া মিৰ্জাক । ২০২২ চনটো হ'ব খেলুৱৈগৰাকীৰ বাবে অন্তিম বৰ্ষ ।

ছানিয়া মিৰ্জাই বুধবাৰে অষ্ট্ৰেলিয়ান অপেন-২০২২ ত মহিলাৰ দ্বৈত শাখাৰ প্ৰথম ৰাউণ্ডত পৰাজিত হোৱাৰ পাছত অৱসৰৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে (Sania Mirza to retire after this season) । অৱসৰৰ পূৰ্বে খেলুৱৈগৰাকীয়ে ২০২২ চনটোৰ খেলবোৰ সম্পূৰ্ণ কৰিব বিচাৰে ।

অৱসৰ ল'ব টেনিছ তাৰকা ছানিয়া মিৰ্জাই

উল্লেখ্য যে, ছানিয়া মিৰ্জা বুধবাৰে প্ৰথম ৰাউণ্ডৰ খেলখনত পৰাজিত হোৱাৰ পাছত অষ্ট্ৰেলিয়ান অপেন টেনিছ টুৰ্ণামেণ্টত মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে । ছানিয়া আৰু ইউক্ৰেইনৰ সংগী নাদিয়া কিনোকে শ্ল’ভেনিয়াৰ তামাৰা জিদানেছেক আৰু কাজা জুৱানৰ হাতত ৪-৬, ৬-৭(৫) ছেটত পৰাজিত হয় । খেলখনত কিনোকৰ প্ৰদৰ্শন আশানুৰূপ নাছিল আৰু খেলুৱৈগৰাকীক বহুতো ইচ্ছাকৃত ভুল কৰা দেখা গৈছিল ।

লগতে পঢ়ক :টেষ্ট ক্ৰিকেটতো ভাৰতীয় দলৰ অধিনায়ক পদ ত্যাগ কিং কোহলীৰ

ABOUT THE AUTHOR

...view details