অসম

assam

By

Published : Jul 7, 2022, 4:05 PM IST

ETV Bharat / sports

Wimbledon 2022 : জীৱনৰ অন্তিম উইম্বলডনৰ পৰা খালী হাতেৰেই উভতিল ছানিয়া !

... আশা পূৰণ নহ'ল ছানিয়া মিৰ্জাৰ । সপোন পূৰণৰ দ্বিতীয়টি খোজতে থমকি ৰ'বলগা হ'ল হায়দৰাবাদী টেনিছ সুন্দৰীগৰাকী । টেনিছ জীৱনৰ অন্তিম বছৰত উইম্বলডনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলতে পৰাস্ত হ'বলগা হয় তেওঁ (Sania lost in wimbledon mixed doubles semi finals) ।...

a
a

স্পৰ্টছ ডেস্ক, ৭ জুলাই :ভাবিছিল জীৱনৰ অন্তিম গ্ৰেণ্ড শ্লেম উইম্বলডনৰ পৰা পদক লৈ উভতিব । কিন্তু সেই আশা পূৰণ নহ'ল ছানিয়া মিৰ্জাৰ । সপোন পূৰণৰ দ্বিতীয়টি খোজতে থমকি ৰ'বলগা হ'ল হায়দৰাবাদী টেনিছ সুন্দৰীগৰাকী । টেনিছ জীৱনৰ অন্তিম বছৰত উইম্বলডনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলতে পৰাস্ত হ'বলগা হয় তেওঁ (Sania lost in wimbledon mixed doubles semi finals) ।

ক্রোৱেছিয়াৰ মাটে পাভিচৰ সৈতে যুটি বান্ধি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ছানিয়া ৬-৪, ৫-৭, ৪-৬ গেমত পৰাস্ত হয় যোৱাবাৰৰ চেম্পিয়ন যুটি ব্রিটেইনৰ নিল স্কুপস্কি আৰু আমেৰিকাৰ ডিছাৰি ক্রচিকৰ হাতত (Sania-Pavis lost Neil Skupsky and Disari Krosick duo) । উল্লেখ্য ছানিয়া এইবাৰৰ উইম্বলডনত আছিল ষষ্ঠ ৰেংকত । তেওঁলোক পৰাস্ত হয় দ্বিতীয় বাছনিৰ যুটিটোৰ হাতত ।

প্রথম ছেটৰ পঞ্চম গেমত বিপক্ষৰ ছার্ভিচ ব্রেক কৰে ছানিয়া-পাভিচে। স্কুপস্কিৰ ছার্ভত পাভিচৰ এটি ইনছাইড-আউট ফৰহেণ্ড ৰিটার্নে ছানিয়াক নেটৰ সন্মুখত সহজ সুযোগ দিয়ে । ফলত অগ্ৰগতি লয় ইণ্ডো-ক্রোৱেছ যুটিটোৱে । তাৰ পিছত জয়লাভ কৰে প্ৰথম ছেটত ।

দ্বিতীয় ছেটৰ আৰম্ভণিতে বাঁও ভৰিত আঘাতৰ বাবে কোর্ট এৰিব ওলাই যাবলগা হয় ছানিয়া । আৰম্ভণিৰ পৰাই ডাঠ বেণ্ডেজ বান্ধি খেলিছিল তেওঁ । কিন্তু তাৰ মাজতে আৰম্ভণিতেই স্কুপস্কি-ক্রচিকৰ ছার্ভিচ ভংগ কৰে ছানিয়া-পাভিচে । ৪-৩ত আগবাঢ়ি থকা অৱস্থাত অষ্টম গেমত অনুমান হৈছিল পোনপটীয়া ছেটত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিব তেওঁলোক । কিন্তু ছানিয়াৰ দুর্বল ছার্ভিচ আৰু ডাবল ফল্টত মেচলৈ উভতি আহে যোৱাবাৰৰ চেম্পিয়ন যুটিটো । ব্যৱধান কৰে ৪-৪ । দ্বাদশ গেমত পুনৰ ছানিয়াৰ ছার্ভিচ ব্রেক হয় । দুটি দুর্দান্ত ভলীৰে স্কুপস্কি-ক্রচিক ৩০-১৫ পইণ্টত আগবাঢ়ি যায় । ইয়াৰ পিছত স্কুপস্কিয়ে এটি তীব্ৰ ক্রছকোর্ট বেকহেণ্ড ৰিটার্ন মাৰে । লগে লগে দুটি ছেট পইণ্ট লাভ কৰে তেওঁলোকে । তাৰ পিছত ছেট যায় তেওঁলোকৰ দখললৈ ।

তৃতীয় গেমত ছার্ভিচ ব্রেক কৰে ছানিয়া-পাভিচে। এইটো গেমত ছানিয়াই অসাধাৰণ প্ৰতিভা দাঙি ধৰে । গেমটোত এনে ভাব হৈছিল যেন ছানিয়াই ছিঙ্গলছ খেলিছে । কিন্তু শেষ ৰক্ষা নহ'ল । অন্তিম ছেটতো পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ ওলাবলগা হয় ছানিয়াৰ যুটিটো ।

উল্লেখ্য, ইয়াৰ পূৰ্বে উইম্বলডনত এবাৰেই ফাইনেলত প্ৰৱেশ কৰিছে ছানিয়া (Sania enters final once at Wimbledon) । সেয়া ২০১৫ চনৰ কথা। সাত বছৰ পূৰ্বে সেইবাৰ মার্টিনা হিঙ্গিছক সংগী কৰি লৈ মহিলাৰ ডাবলছত চেম্পিয়ন হৈছিল তেওঁ (Sania with Martina Hingis won women's doubles in 2015) । টেনিছ জীৱনৰ অন্তিম বছৰত দ্বিতীয় উইম্বলডন আৰু ষষ্ঠ গ্ৰেণ্ড শ্লেম জয়ৰ সপোন আধৰুৱা হৈ থাকিল ছানিয়াৰ। এতিয়া তেওঁৰ জীৱনৰ অন্তিমখন গ্ৰেণ্ড শ্লেম বাকী আছে কেৱল ইউএছ অপেন (US Open last Grand Slam for Sania)।

লগতে পঢ়ক :Wimbledon 2022: ছেমি ফাইনেলত আৰবৰ প্ৰথম মহিলা অন্স জাবেউৰ

ABOUT THE AUTHOR

...view details