স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰী : শনিবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় বাজেটত 2020-21 বিত্তীয়বৰ্ষৰ বাবে ক্ৰীড়া বাজেটত ধাৰ্য কৰা হৈছে 2826.92 কোটি টকা ৷ 2019-20 বিত্তীয় বৰ্ষৰ বাজেটতকৈ এই বৰ্ষৰ বাজেটত 50 কোটি টকা বৃদ্ধি কৰা হৈছে ৷ আনহাতে, যুৱ খেলুৱৈৰ উত্থানৰ বাবে খেলো ইণ্ডিয়ালৈ প্ৰদান কৰা হৈছে 291.42 কোটি টকাৰ বাজেট ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া মহাসংঘলৈ 245.00 কোটি টকাৰ আৱন্টন কৰা হয় ৷ এই আৱন্টন 2019-20 বৰ্ষৰ তুলনাত 55 কোটি টকা কম ৷ সেই বৰ্ষত 300.85 কোটি টকা আৱন্টন কৰা হৈছিল ৷ ক্ৰীড়াবিদক প্ৰদান কৰা জলপানি 111 কোটিৰ পৰিৱৰ্তে 70 কোটিলৈ হ্ৰাস পায় ৷ আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়া উন্নয়ন নিধিৰ ধনো 77.15 কোটিৰ পৰা 50.00 লৈ হ্ৰাস কৰা হয় ৷
বাজেট 2020 : ক্ৰীড়াখণ্ডলৈ 2826.92 কোটি টকাৰ আৱন্টন - বিত্তমন্ত্ৰী
শনিবাৰে উত্থাপন কৰা বাজেটত ক্ৰীড়াখণ্ডক প্ৰদান কৰা হৈছে 2826.92 কোটি টকা ৷ যুৱ খেলুৱৈৰ উত্থানৰ বাবে খেলো ইণ্ডিয়ালৈ প্ৰদান কৰা হৈছে 291.42 কোটি টকা ৷
বাজেট 2020
2020-21 ক্ৰীড়া বাজেটৰ উল্লেখনীয় পইন্ট -
- * ভাৰতীয় ক্ৰীড়া পৰিষদলৈ (SAI) 615 কোটিৰ পৰিৱৰ্তে 500 কোটি আৱন্টন ঘোষণা কৰা হয় ৷
- * জম্মু-কাশ্মীৰৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে কোনো নতুন আৱন্টন অন্তৰ্ভূক্ত কৰা নাই ৷
- * Laxmi Bai National Institute of Physical Education য়ে পূৰ্বৰ বৰ্ষতকৈ 5 কোটি বেছি টকা লাভ কৰিব ৷ অৰ্থাৎ 55 কোটি টকা আৱন্টন কৰা হৈছে ইনষ্টিটিউটলৈ ৷
- * 2019-20 বিত্তবৰ্ষত প্ৰদান কৰা 2216.92 কোটি টকাৰ আৱন্টনৰ পৰিৱৰ্তে এই বৰ্ষত প্ৰদান কৰা হৈছে 2776.92 কোটি টকা ৷
আৰু পঢ়ক : নিউজিলেণ্ডত জৰিমনাৰ সন্মুখীন ভাৰতীয় দল