স্পৰ্টছ ডেস্ক,২৯ মে' :চেম্পিয়নছ লীগৰ ফাইনেলত স্পেনিছ ফুটবল ক্লাৱ ৰিয়েল মাদ্ৰিদে লিভাৰপুলক পৰাস্ত কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় (Real Madrid beat Liverpool in the Champions League final)। এই জয়ৰ লগে লগে দলটোৱে চতুৰ্দশ ইউৰোপীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । চেম্পিয়নছ লীগৰ অন্তিম খেলখনত 1:0 গলত পৰাস্ত বিশ্বৰ জনপ্ৰিয় ফুটবল ক্লাৱ লিভাৰপুল ।
পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত অনুষ্ঠিত খেলখনত ৰিয়েল মাদ্ৰিদৰ হৈ ৫৯ মিনিটত ব্ৰাজিলিয়ান উইঙ্গাৰ ভিনিচিয়াছ জুনিয়ৰে একমাত্ৰ গলটো কৰিবলৈ সক্ষম হয় (Winger Vinicius Junior scoring the only goal)। ইফালে ৰিয়েল মাদ্ৰিদৰ জয় দলটোৰ মুখ্য প্ৰশিক্ষক ইটালীৰ কাৰ্লো আন্চেলোটিৰ বাবেও গুৰুত্বপূৰ্ণ আছিল । কাৰণ এই জয়ৰ পাছতে কাৰ্লো আন্চেলোটি প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল মেনেজাৰ হিচাপে পৰিগণিত হয় । এতিয়ালৈ তেওঁৰ ৰেকৰ্ডত চাৰিটা চেম্পিয়নছ লীগৰ খিতাপ আছে ।