অসম

assam

ETV Bharat / sports

থলুৱা লোক কলা-সংস্কৃতিৰে জিলিকি উঠিব খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান - বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছান

অহা 22 জানুৱাৰীত গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ বৰ্ণিল সামৰণি অনুষ্ঠান ৷ সামৰণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছান ৷

Ready to host Khelo India Closing Ceremony
থলুৱা লোক কলা-সংস্কৃতিৰে জিলিকি উঠিব খেল’ ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান

By

Published : Jan 19, 2020, 5:42 PM IST

গুৱাহাটী, 19 জানুৱাৰীঃ গুৱাহাটীত চলি থকা খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি তুংগত ৷ অহা 22 জানুৱাৰীত গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অনুষ্ঠিত হ’ব খেলো ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ বৰ্ণিল সামৰণি অনুষ্ঠান ৷ সামৰণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছান ৷ খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানৰ দৰেই বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে সামৰণি অনুষ্ঠানৰ ৷ তাৰোপৰি চীনৰ মাৰ্চিয়েল আৰ্টৰ এটা বিশেষ দলে প্ৰদৰ্শন কৰিব তেওঁলোকৰ সমৰ-কলা ৷ গীত-নৃত্যৰ লগতে প্ৰদৰ্শিত হ'ব দেশৰ বিভিন্ন প্ৰান্তৰ থলুৱা কলা-সংস্কৃতি ৷ বলীউড-জলীউডৰ শিল্পীৰ সমাহাৰেৰে অনুষ্ঠানটি অধিক আকৰ্ষণীয় হ'ব বুলি আশাবাদী আয়োজক ৷

থলুৱা লোক কলা-সংস্কৃতিৰে জিলিকি উঠিব খেল’ ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান

ইফালে খেলো ইণ্ডিয়াৰ বিগত দিনকেইটা সুকলমে পাৰ কৰাৰ লগতে আগন্তুক দিনকেইটাও আশাপ্ৰদ অনুসৰিয়েই পাৰ হ’ব বুলি আশাবাদী খেল' ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যোশী ৷ খেলুৱৈ তথা প্ৰতিনিধিসকলৰ বাবে সকলো ব্যৱস্থা নিয়াৰিকৈ কৰা হৈছে বুলি উল্লেখ কৰে বিষয়া গৰাকীয়ে। সৰু-সুৰা ভুল ক্ৰটি হৈছে যদিও সেইসমূহ সমাধান কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে উদ্যোক্তাই ৷ ইপিনে সাঁতোৰ প্ৰতিযোগিতাত প্ৰতিযোগী বাছনিত খেলিমেলি হোৱাৰ এক অভিযোগ উত্থাপিত হৈছিল ৷ এই সন্দৰ্ভত খেলো ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে উল্লেখ কৰে যে, নিৰ্বাচকৰ নিয়ম অনুসৰি সম্পূৰ্ণ শুদ্ধভাৱে নিৰ্বাচন কৰা হৈছে ৷ তদুপৰি ৰাইজক খেলসমূহ উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ তেওঁ আহ্বান জনায় ৷ মুঠৰ ওপৰত খেলো ইণ্ডিয়াৰ দশম দিনটোও সফলতাৰে পাৰ হৈ যায় ৷

আৰু পঢ়কঃখেল' ইণ্ডিয়াৰ আজি নৱমটো দিনতো অসমৰ জয়ৰ ধাৰা অব্যাহত

ABOUT THE AUTHOR

...view details