অসম

assam

ETV Bharat / sports

খেল’ ইণ্ডিয়াৰ পঞ্চম দিনাও উজ্বলিল ৰাজস্থান,হাৰিয়ানা আৰু কৰ্ণাটকৰ জুডোখেলৱৈ

ৰাজস্থান, হাৰিয়ানা আৰু কৰ্ণাটকৰ জুডো খেলুৱৈসকলৰ বাবে খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ পঞ্চমটো দিন অতি শুভ হিচাপে পৰিগণিত হৈছে ৷ তিনিওখন ৰাজ্যৰে খেলুৱৈসকলে বিভিন্ন ওজন শাখাত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হয় ৷

RAJASTHAN, HARYANA, KARNATAKA JUDOKAS SHINE ON DAY 5 OF KIYG 2020
খেল’ ইণ্ডিয়াৰ পঞ্চম দিনাও উজ্বলিল ৰাজস্থান,হাৰিয়ানা আৰু কৰ্ণাটকাৰ জুডোখেলৱৈ

By

Published : Jan 17, 2020, 7:57 PM IST

নেশ্যনেল ডেক্স,17 জানুৱাৰীঃ ৰাজস্থান,হাৰিয়ানা আৰু কৰ্ণাটকৰ জুডো খেলুৱৈসকলৰ বাবে খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ পঞ্চমটো দিন অতি শুভ হিচাপে পৰিগণিত হৈছে ৷ তিনিওখন ৰাজ্যৰে খেলুৱৈসকলে বিভিন্ন ওজন শাখাত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হয় ৷ গুৱাহাটীত অনুস্থিত প্ৰথমখন খেলতেই কৰ্ণাটকৰ এম এন ৱসুন্ধৰাই ছোৱালীৰ 21 বছৰৰ অনুৰ্ধৰ 63 কিল’গ্ৰামৰ চূড়ান্ত শাখাত স্বৰ্ণপদক লাভ কৰে ৷ ৱসুন্ধৰাই উক্ত খেলখনত মণিপুৰৰ তাখেল্লাম্বাম ইনুনগাম্বীক পৰাস্ত কৰিছিল ৷ বেলগামৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী ৱসুন্ধৰাই জয়পুৰত অনুস্থিত খেল’ ইণ্ডিয়াৰ ছোৱালীৰ 17 বছৰৰ অনুৰ্ধৰ 63 কিল’গ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰিছিল ৷ ৱসুন্ধৰাই সম্প্ৰতি অলিম্পিকত জুডো খেলত ভাৰতক প্ৰতিনিধিত্ব কৰি স্বৰ্ণপদক জয়ৰ সম্ভাৱনা বৃদ্ধি কৰিছে ৷

কৰ্ণাটকৰ জুডো খেলুৱৈৰ প্ৰতিক্ৰিয়া

সমান্তৰালকৈ,ল’ৰাৰ 21 বছৰৰ অনুৰ্ধৰ 81 কিল’গ্ৰাম শাখাৰ চূড়ান্ত খেলখনত হাৰিয়ানাৰ অতুল কুমাৰক পৰাস্ত কৰি ৰাজস্থানৰ দিব্যাংশু পুৰীয়ে স্বৰ্ণপদক লাভ কৰে ৷ দিব্যাংশুৱে খেলখনত ইপ্পন স্ক’ৰ কৰাৰ পিছতেই তেখেতক জয়ী ঘোষণা কৰা হয় ৷ বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে লগতে নেশ্যনেল এন্টি ডোপিং এজেঞ্চিৰ ব্ৰেণ্ড এম্বেচেডৰ সুনীল চেট্টীয়ে গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ জয়পুৰৰ স্নাতক ছাত্ৰ দিব্যাংশুৱে প্ৰথমবাৰৰ বাবে কেআইৱাইজিত অংশগ্ৰহণ কৰিছে ৷ 2019 বৰ্ষৰ লক্ষ্নৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত দিব্যাংশুৱে একে শাখাত স্বৰ্ণপদক লাভ কৰিছিল ৷ সম্প্ৰতি দিব্যাংশুৰ লক্ষ্য অলিম্পিকত স্বৰ্ণ জয় কৰা ৷

ৰাজস্থানৰ জুডো খেলুৱৈৰ প্ৰতিক্ৰিয়া

দিনটোৰ তৃতীয়খন খেলত হাৰিয়ানাৰ যশ ঘংগাছে ল’ৰাৰ 21 বছৰৰ অনুৰ্ধৰ 100 কিল’গ্ৰাম জুড’ চূড়ান্ত খেলখনত পাঞ্জাৱৰ ৰিতিক কুমাৰক হৰুৱাই স্বৰ্ণপদক লাভ কৰে ৷ পানীপথৰ নিৱাসী য়শে দ্বিতীয়বাৰৰ বাবে কে আই ৱাই জিত অংশগ্ৰহণ কৰিছে ৷ য়শেও 2019 বৰ্ষত লক্ষ্ণৌত অনুষ্ঠিত জুনিয়ৰ নেশ্যনেল জুডো চেম্পিয়নশ্বিপত একে শাখাত স্বৰ্ণপদক বুটলিবলৈ সক্ষম হৈছিল ৷

হাৰিয়ানাৰ জুডো খেলুৱৈৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক-1 ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমিব নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ 4 অভিযুক্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details