স্পৰ্টছ ডেস্ক, ১৭ জুলাই :টকিঅ'ত কোৱাৰেণ্টাইন অবিহনেই ভাৰতীয় শ্বুটাৰে অনুশীলন আৰম্ভ কৰিব পাৰিব । ক্ৰোৱেছিয়াৰ পৰা অহা খেলুৱৈসকলৰ বাবে ইতিমধ্যে গেমছ ভিলেজৰ কোঠাসমূহ আৱণ্টন দিয়া হৈছে । নেচনেল ৰাইফল এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ (NRIA) সম্পাদক ৰাজীৱ ভাটিয়াই সংবাদমাধ্যমক এই কথা জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, শ্বুটিঙৰ খেলবোৰ উত্তৰ পশ্চিম টকিঅ'ৰ চাইটামা প্ৰিফেকচাৰত অৱস্থিত আচাকা শ্বুটিং ৰেঞ্জ(Asaka Shooting Range)ত অনুষ্ঠিত হ'ব । এই স্থানতে ১৯৬৪ চনৰ অলিম্পিকত শ্বুটিঙৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । ভাটিয়াই কোৱা মতে, নাৰিতা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Narita international airport)ত উপস্থিত হোৱাৰ পাচতে সকলো ব্যৱস্থা সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে দলটোৱে সামাজিক দূৰত্ব বজাই ৰাখিছিল যাৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই খেলুৱৈৰ দলটো ৷ ইফালে সোমবাৰে শ্বুটাৰসকলে খেলৰ স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে ।
ইউৰোপৰ পৰা দীঘলীয়া উৰণৰ পাচত সঠিক বিশ্ৰাম লোৱাৰ অন্তত দলটোৱে অনুশীলন আৰম্ভ কৰিব বুলিও উল্লেখ কৰে ভাটিয়াই । আনহাতে উদ্বোধনী অনুষ্ঠানৰ এদিন পাচতে শ্বুটিং ইভেণ্ট আৰম্ভ হ'ব আৰু মহামাৰীৰ বাবে দৰ্শকৰ অবিহনে অনুষ্ঠিত হ'বলগীয়া এক্সট্ৰাভেঞ্জাৰৰ বাবে প্ৰথম ১০ দিন সামৰি লোৱা হ'ব । ভাৰতৰ লগতে কৰ'ণা ভাইৰাছৰ দ্বাৰা প্ৰভাৱান্বিত আন কেইখনমান ৰাষ্ট্ৰৰ খেলুৱৈ আৰু সদস্যসকলে জাপানৰ ৰাজধানীত উপস্থিত হোৱাৰ পাচতে তিনিদিনীয়া বাধ্যতামূলক কোৱাৰেণ্টাইনত থকাৰ কথা আছে ।