স্পৰ্টছ ডেস্ক,৫ অক্টোবৰ :চলিত বছৰটোত আশানুৰূপ ফলাফল দেখুৱাব পৰা নাই বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে । দুবাৰকৈ অলিম্পিক পদক লাভ কৰা খেলুৱৈগৰাকীৰ আন এক হতাশাজনক প্ৰদৰ্শন । এইবাৰ চীনত চলিত এছিয়ান গেমছত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ভাৰতীয় মহিলা বেডমিণ্টন খেলুৱৈগৰাকী । বৃহস্পতিবাৰে চীনৰ বিংজিয়াওৰ হাতত পৰাস্ত হয় খেলুৱৈগৰাকী ।
বৰ্তমান বিশ্ব ৰেংকিঙত ১৫ নম্বৰ স্থানত থকা সিন্ধুক বিশ্বৰ ৫ নং বিংজিয়াওৱে মাত্ৰ ৪৭ মিনিটত ২-০ পইণ্টত পৰাস্ত কৰে । ইয়াৰ লগে লগে এছিয়ান গেমছত পদক লাভৰ আশাও ভংগ হয় খেলুৱৈগৰাকীৰ । যিগৰাকী চীনা খেলুৱৈক টকিঅ' অলিম্পিকত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল সেইগৰাকী খেলুৱৈৰে এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে প্ৰত্যাহ্বান অতিক্ৰম কৰিব নোৱাৰিলে । টকিঅ'ৰ প্ৰতিশোধ স্বৰূপে চীনা খেলুৱৈগৰাকীয়ে ঘৰুৱা খেলপথাৰত সিন্ধুক পৰাস্ত কৰে ।
সিন্ধুৱে ২০১৪ চনৰ ইনচিয়ন আৰু ২০১৮ জাকাৰ্টা এছিয়ান গেমছত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰিছিল । কিন্তু হাংঝৌ এছিয়ান গেমছ সিন্ধুৰ বাবে নিৰাশা হৈ পৰে । প্ৰথম অৱস্থাত দুয়োগৰাকী খেলুৱৈয়ে সমানে আগবাঢ়িছিল যদিও পাছত চীনা বিংজিয়াওৱে উন্নত প্ৰদৰ্শনেৰে আগবাঢ়ি যায় আৰু সিন্ধুৱে তেওঁক অতিক্ৰম কৰাত ব্যৰ্থ হয় ।