নিউজ ডেস্ক, 10 এপ্ৰিলঃ মঙলবাৰে সপ্তম সংস্কৰণৰ প্ৰ' কাবাডী লীগত অভিষেক ঘটাব লগীয়া নীৰজ কুমাৰে দ্বিতীয় তথা অন্তিম দিনাৰ নিলামীত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ নিলামৰ চি কেটেগৰীত স্থান লাভ কৰা 24 বছৰীয়া খেলুৱৈগৰাকীৰ ভিত্তি মূল্য 10 লাখ টকা আছিল যদিও তিনি বাৰৰ চেম্পিয়ন পাটনা পাইৰেটছে 44.75 লাখত ক্ৰয় কৰে যুৱ খেলুৱৈগৰাকীক ৷ মহাৰাষ্ট্ৰত অনুষ্ঠিত 66 সংখ্যক জাতীয় কাবাডী চেম্পিয়নশ্বিপত নীৰজে চাৰ্ভিছেচৰ হৈ অংশগ্ৰহণ কৰিছিল আৰু সেই ফাইনেলত ভাৰতীয় ৰেলৱেৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল দলটো ৷
প্ৰ' কাবাডী লীগত 12 স্বত্তাধিকাৰীৰ 50 কোটি ব্যয় - মনজীত ছিল্লাৰ
প্ৰ' কাবাডী লীগৰ অন্তিম দিনাৰ নিলামীত সৰ্বাধিক টকাত ক্ৰয় কৰা হৈছে ভাৰতীয় জাতীয় দলৰ খেলুৱৈ মনজীত ছিল্লাৰক ৷ যুৱ খেলুৱৈ নীৰজ কুমাৰেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰি 44.75 লাখ টকাত নিলাম হৈছে ৷
PRO KABADDI LEAGUE: AUCTION DAY 2
তেওঁৰ উপৰিও দিনটোৰ দুজন সৌভাগ্যশালী খেলুৱৈ আছিল বিকাশ কালে আৰু নবীন ৷ দুয়োজনকে হাৰিয়ানা ষ্টিলাৰছ দলে ক্ৰমান্বয়ে 34.25 আৰু 33.50 লাখ টকাত ক্ৰয় কৰে ৷ সৰ্বমুঠ 200 খেলুৱৈ ক্ৰয় কৰা 12 স্বত্তাধিকাৰী দলে বৃহৎ পৰিমাণৰ 50 কোটি টকা এই নিলামীত ব্যয় কৰিছে ৷ উল্লেখ্য যে, এই নিলামীত পুনেৰী পল্টনে সৰ্বাধিক 63 লাখত ক্ৰয় কৰে ভাৰতৰ জাতীয় কাবাডী দলৰ দূৰ্দান্ত খেলুৱৈ মনজীত ছিল্লাৰক ৷