স্পৰ্টছ ডেস্ক,১৪ মে' :ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ । প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে (India in Thomas Cup final)। ভাৰতীয় পুৰুষৰ বেডমিণ্টন দলে এই ইতিহাস ৰচনা কৰিলে । থমাছ কাপৰ ছেমিফাইনেলত নিৰ্ণায়ক পঞ্চম খেলত ভাৰতৰ এইচ এছ প্ৰণয়ৰ সুন্দৰ প্ৰদৰ্শনৰ লগে লগে ডেনমাৰ্কৰ বিৰুদ্ধে ৩-২ পইণ্টত জয়ী হয় ভাৰত (HS Prannoy wins in Thomas cup)।
ভাৰতীয় খেলুৱৈৰ এনে প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ ক্ৰীড়াপ্ৰেমী । ১৯৭৯ চনৰ পিছত কেতিয়াও ছেমিফাইনেল অতিক্ৰম কৰিব নোৱাৰা ভাৰতীয় দলটোৱে যুঁজাৰু মনোভাৱেৰে প্ৰদৰ্শন কৰি আহিছিল আৰু অৱশেষত ২০১৬ চনৰ থমাছ কাপ বিজয়ী দল ডেনমাৰ্কক পৰাস্ত কৰি এই ইতিহাস ৰচনা কৰিলে (India beat Denmark in Thomas Cup semifinal)। যদিও প্ৰতিযোগিতাখনত বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কিদাম্বি শ্ৰীকান্ত আৰু বিশ্বৰ ৮ নম্বৰ ডাবলছ যুটি সতৱিকচাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ভাৰতক অগ্ৰগতি দিছিল । কিন্তু ২-২ পইণ্টত টাই হোৱাৰ লগে লগে ৰণক্ষেত্ৰত অৱতৰণ কৰিছিল এইচ এছ প্ৰণয় ।
বিশ্বৰ ১৩ নম্বৰ ৰাচমুছ জেমকেৰ বিৰুদ্ধে প্ৰণয়ৰ খেলখন অতি উত্তেজনাপূৰ্ণ আছিল । কিয়নো খেলি থকাৰ মাজতে সন্মুখৰ কোৰ্টত পিছলি পৰাৰ পাছত গোৰোহাত আঘাত পাইছিল প্ৰণয়ে । কিন্তু সাধাৰণ চিকিৎসাৰ পাছত তেওঁ খেল অব্যাহত ৰাখিছিল ।
তেওঁ গোৰোহাৰ বিষত ভুগি থকা দেখা গৈছিল আৰু ক'ৰ্টত কিছু অসুবিধা পোৱা যেন অনুভৱ হৈছিল । কিন্তু সকলো প্ৰতিকূলতা নেওচি তেওঁ ইতিহাসত ভাৰতৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় । খেলখনত তেওঁ ১৩-২১, ২১-৯ ২১-১২ পইণ্টত জয়ী হয় ।