স্পৰ্টছ ডেস্ক, 29 এপ্ৰিল : আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (IOC) অধ্যক্ষ থমাছ বাছে বুধবাৰে মন্তব্য কৰে যে, কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত 2021 চনলৈ টকিঅ' অলিম্পিক স্থগিত ৰখাৰ ফলত IOC য়ে বৃহৎ অৰ্থৰ ক্ষতি হ'ব ৷
থমাছ বাছে কয়, "আমি জানো যে, অলিম্পিক স্থগিত কৰাৰ ফলত বহু শ মিলিয়ন আমেৰিকান ডলাৰৰ ক্ষতি হ'ব ৷ স্থগিত ৰখা অলিম্পিকৰ বাবে সকলো সেৱা আগবঢ়াবলৈ আমি এক পৰ্যালোচনা কৰিব লাগিব ৷ ইয়াৰ ফলত ক্ষতি হ'ব লগা অৰ্থ সন্দৰ্ভত দায়িত্ব গ্ৰহণৰ বাবে IOC সাজু হৈ থাকিব লাগিব ৷"
উল্লেখ্য যে, 926 মিলিয়ন ইউৰোছ সম্পত্তিশালী IOC য়ে 2021 চনৰ জুলাই-আগষ্ট মাহত অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
মঙলবাৰে অলিম্পিক আয়োজক সমিতিৰ মুৰব্বী য়শ্বিৰো মুৰীয়ে কয় যে, এবছৰৰ ভিতৰত কৰ'ণা ভাইৰাছৰ নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ হৈ নুঠিলে অলিম্পিক পুনৰ স্থগিত অথবা বাতিল কৰিব পৰা নাযাব ৷
বাছে কয়, "বৰ্তমান কোনেও নাজানে কৰ'ণা ভাইৰাছৰ পাচৰ বিশ্বখন কেনেধৰণৰ হ'ব ৷ আমি আশা কৰিব পাৰো যে, কৰ'ণা ভাইৰাছৰ পাচত সমাজখনত জনসাধাৰণৰ স্বাস্থ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ ক্ৰীড়া আৰু ব্যায়ামে স্বাস্থ্যলৈ অৰিহনা যোগাব বুলি আশা ব্যক্ত কৰিছো ৷"