অসম

assam

ETV Bharat / sports

অহা সপ্তাহত ধাৰ্য হ'ব টকিঅ' অলিম্পিকৰ দিন - অলিম্পিক আয়োজক সমিতিৰ মুৰব্বী যোশীৰো মুৰী

অহা সপ্তাহত ঘোষণা কৰা হ'ব অলিম্পিকৰ দিন ৷ আয়োজক সমিতিৰ মুৰব্বী যোশীৰো মুৰীয়ে শনিবাৰে এই কথা প্ৰকাশ কৰে ৷

অহা সপ্তাহত ধাৰ্য হ'ব টকিঅ' অলিম্পিকৰ দিন
আয়োজক সমিতিৰ মুৰব্বী যোশীৰো মুৰী

By

Published : Mar 29, 2020, 11:34 AM IST

স্পৰ্টছ ডেস্ক, 29 মাৰ্চ : টকিঅ' অলিম্পিক আয়োজক সমিতিৰ মুৰব্বী যোশীৰো মুৰীয়ে শনিবাৰে জানিবলৈ দিয়ে যে, অহা সপ্তাহৰ শেষত ধাৰ্য কৰা হ'ব অলিম্পিকৰ পৰৱৰ্তী দিন ৷ উল্লেখ্য যে, কৰ'ণা ভাইৰাছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পাচতে 2020 চনৰ অলিম্পিক 2021 চনলৈ স্থগিত ৰখা হয় ৷

জাপানীজ টিভি নিউজ চেনেলক মুৰীয়ে জানিবলৈ দিয়া অনুসৰি, "2021 চনৰ অলিম্পিক গেমছ জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব ৷"

33 খন আন্তৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদলৈ প্ৰেৰণ কৰা এখন পত্ৰত মুৰীয়ে কয় যে, অলিম্পিক গেমছ স্থগিত কৰাৰ ফলত তেওঁলোকে যি অতিৰিক্ত খৰছ বহন কৰিব লাগিব সেয়া এক প্ৰকাৰৰ প্ৰত্যাহ্বান ৷ আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (IOC) ৱেবছাইটত প্ৰকাশিত পত্ৰখনত উল্লেখ আছে যে, এই অতিৰিক্ত খৰছ কোনে বহু কৰিব সেয়া এক বৃহৎ প্ৰত্যাহ্বান ৷

কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই IOCৰ সভাপতিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ কৰাৰ পাচতে অলিম্পিক স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

উল্লেখ্য যে, এয়া প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

আৰু পঢ়ক :

প্ৰধানমন্ত্ৰীৰ 'মন কী বাত'

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details