এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পূজা - Pooja Rani
মহিলাৰ 81 কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত পূজা ৰাণী ৷ পূজাৰ ছেমিফাইনেলত প্ৰৱেশৰ লগে-লগে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ভাৰতৰ প্ৰথমটো পদক সুনিশ্চিত ৷

স্পৰ্টছ ডেস্ক, 19 এপ্ৰিলঃ বেংককত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত দুবাৰকৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা পূজা ৰাণী ৷ 81 কিলোগ্ৰাম শাখাত এই সফলতা লাভ কৰিছে খেলুৱৈগৰাকীয়ে ৷ এই শাখাত কেৱল পাঁচগৰাকী খেলুৱৈ থকাৰ বাবে ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে পূজাই ৷ ইয়াৰ লগে-লগে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত প্ৰথমটো পদক সুনিশ্চিত হয় ভাৰতৰ ৷ টুৰ্ণামেণ্টখনত 6 গৰাকী ভাৰতীয় বক্সাৰে প্ৰথম ৰাউণ্ডত 'বাই' লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে লাভলিনা বৰগোঁহাইয়ে 64 কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেলত বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়ন চিনৰ সৈতে মুখামুখি হ’ব ৷