স্প’ৰ্টছ ডেস্ক, 10 জুলাই : ২৩ জুলাইৰ পৰা টকিঅ'ত অনুষ্ঠিত হ'ব বিশ্বৰ শীৰ্ষ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক । ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিখন দেশৰে খেলুৱৈসকল সাজু হৈছে । ভাৰতীয় খেলুৱৈসকলে টকিঅ' অলিম্পিকত (Tokyo olympic) সৰ্বাধিক পদক অৰ্জনৰ আশাত আছে । এই বিশেষ মুহুৰ্তত অলিম্পিকলৈ ৰাওনা হ'বলগীয়া ভাৰতীয় দলটোৰ বিভিন্ন সুবিধা-অসুবিধা তথা প্ৰস্তুতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) ।
শুকুৰবাৰে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা অৱগত কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে টকিঅ'লৈ যাবলগীয়া খেলুৱৈসকলক প্ৰদান কৰা লজিষ্টিক বিৱৰণ, টীকাকৰণৰ স্থিতি, বহুমুখী সমৰ্থনৰ বিষয়ে আলোচনা কৰে । লগতে ভাৰতৰ দলটোৱে যাতে সকলো সুবিধা লাভ কৰিব পাৰে তাৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰা অনুসৰি ১৩ জুলাইৰ সন্ধিয়া ৫ বজাত টকিঅ' অলিম্পিকলৈ যাবলগীয়া খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰিব ৷
১৩০ কোটি ভাৰতীয়ৰ হৈ অলিম্পিকলৈ ৰাওনা হ'বলগীয়া খেলুৱৈসকলৰ সৈতে ১৩ জুলাইত বাৰ্তালাপত মিলিত হৈ শুভেচ্ছা জ্ঞাপন কৰিব মোডীয়ে ৷