অসম

assam

By

Published : Dec 22, 2021, 12:53 PM IST

Updated : Dec 22, 2021, 2:34 PM IST

ETV Bharat / sports

শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপত কোকৰাঝাৰৰ খেলুৱৈৰ স্বৰ্ণ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপ ২০২১ ত স্বৰ্ণ জয় কোকৰাঝাৰৰ মালা কৰ্মকাৰৰ (Kokrajhar player won Gold medal in International Championship) । শ্ৰীলংকাত অনুষ্ঠিত হৈছিল খেলখন । পৃথক পৃথক খেলত দুটাকৈ স্বৰ্ণ পদক জয় কৰে মালা কৰ্মকাৰে ।

Mala karmakar won Gold medal in International Championship
শ্ৰীলংকাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় খেলত স্বৰ্ণ পদক জয় কোকৰাঝাৰৰ মালা কৰ্মকাৰৰ

কোকৰাঝাৰ, ২২ ডিচেম্বৰ: শ্ৰীলংকাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপ ২০২১ ত উজলিল কোকৰাঝাৰৰ মালা কৰ্মকাৰ । আন্তঃৰাষ্ট্ৰীয় খেলখনত আন আন দেশৰ খেলুৱৈক পিছ পেলাই দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় অসমৰ খেলুৱৈগৰাকী (Mala karmakar won Gold in International Championship 2021) ।

৬০ বছৰৰ শাখাত পাঁচ হাজাৰ মিটাৰ ৱাকিং আৰু ২ হাজাৰ মিটাৰ ষ্টেপচ চেজ শাখাত স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে মালাই ৷ ইয়াৰ পূৰ্বেও খেলুৱৈগৰাকীয়ে কেইবাখনো আন্তৰাষ্ট্ৰীয় খেলত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

কোকৰাঝাৰ চহৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা মালা কৰ্মকাৰ চম্পাৱতী জলসিঞ্চন বিভাগৰ উচ্চবৰ্গৰ সহায়ক হিচাপে বঙাইগাঁৱত কৰ্মৰত হৈ আছে ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতা বিগত ১০ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হৈছিল (International Championship 2021 in Sri Lanka) ।

মহিলা খেলুৱৈগৰাকীৰ সাফল্যই কোকৰাঝাৰবাসীৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰি তুলিছে ।

লগতে পঢ়ক: কাৰাটেৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক কণমানিৰ

Last Updated : Dec 22, 2021, 2:34 PM IST

ABOUT THE AUTHOR

...view details