নিউজ ডেস্ক, 4 ডিচেম্বৰ : ব্ৰাজিলৰ ফুটবল খেলুৱৈ পেলেই শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনাইছে (Footballer Pele in Hospital) ৷ শেহতীয়া ২৪ ঘণ্টাত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই বুলি শনিবাৰে এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়খনে জনায় । মঙলবাৰৰ পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮২ বছৰীয়া পেলে ।
পেলেই ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এক বিবৃতিত কয়, "বহু আশাৰে মই শক্তিশালী আৰু মই মোৰ চিকিৎসা পদ্ধতিক সদায় অনুসৰণ কৰো । মই লাভ কৰা সকলো যত্নৰ বাবে সমগ্ৰ মেডিকেল আৰু নাৰ্চিং দলটোক ধন্যবাদ জনাইছোঁ । মোৰ ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস আছে আৰু সমগ্ৰ বিশ্বতে আপোনালোকৰ পৰা পোৱা প্ৰতিটো শুভ বাৰ্তাই মোক শক্তিশালী কৰি তুলিছে’’ (Pele Instagram post) ।
উল্লেখ্য যে, তিনিবাৰৰ বিশ্বকাপ বিজয়ীগৰাকী কেন্সাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে (Pele suffering from Cancer)। পেলেৰ কন্যা কেলি নাচিমেণ্টোৱে কাটাৰত থকা ব্ৰাজিলৰ অনুৰাগীৰ পৰা ইনষ্টাগ্ৰামত পতাকা আৰু বেনাৰেৰে পিতৃক শুভেচ্ছা জনাই কেইবাখনো ছবি পোষ্ট কৰে । মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনৰ অট্টালিকাসমূহতো ফুটবলৰ প্ৰাক্তন মহান খেলুৱৈগৰাকীৰ সমৰ্থনত বাৰ্তা প্ৰদৰ্শন কৰা হৈছিল (Pele health updates) ।