স্পৰ্টছ ডেস্ক, ২৫ অক্টোবৰ :চলিত পেৰা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । চীনৰ হাংঝৌত চলি থকা পেৰা এছিয়ান গেমছ, ২০২৩ৰ তৃতীয়দিনা ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰে সুমিত এণ্টিয়েলে । জেভলিন থ্ৰ'ত তেওঁ স্বৰ্ণ পদক জয় কৰে । আনহাতে, পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টত এফ ৩৭/এফ ৩৮ ফাইনেলত ভাৰতীয় এথলীট হানিয়ে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে । ৫৫.৯৭ মিটাৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ'ৰ সৈতে হানিৰ উজ্জ্বল প্ৰদৰ্শনে জেভলিন থ্ৰ' তাৰকাগৰাকীয়ে গেমছ ৰেকৰ্ড গঢ়ে । ইয়াৰ উপৰি পুষ্পেন্দ্ৰ সিঙে তৃতীয়দিনা পুৰুষৰ জেভলিন থ্ৰ'-এফ৬৪ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।
এই দুটা স্বৰ্ণ পদকৰ সৈতে পেৰা এছিয়ান গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ পদকৰ সংখ্যা হৈছেগৈ ৪২ ।
উল্লেখ্য যে সুমিত এণ্টিলে পেৰা এছিয়ান গেমছত ৭৩.২৯ মিটাৰৰ থ্ৰ'ৰে বিশ্ব অভিলেখ গঢ়ে । তেওঁ চলিত বছৰৰ আৰম্ভণিতে পেৰিছত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক জয়ৰ সময়ত ৭০.৮৩ মিটাৰৰ অভিলেখ গঢ়িছিল। আন এগৰাকী ভাৰতীয় খেলুৱৈ পুষ্পেন্দ্ৰ সিঙেও একেখন প্ৰতিযোগিতাতে সফলতা অৰ্জন কৰে আৰু ৬২.০৬ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে । আনহাতে, শ্ৰীলংকাৰ চামিথা আৰাচিছে কোডিথুভাক্কুৱে ৬৪.০৯ মিটাৰ দলিয়াই ৰূপৰ পদক অৰ্জন কৰে ।