স্পৰ্টছ ডেস্ক,২৯ ছেপ্টেম্বৰ :চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰসকলে এটাৰ পাছত আন এটা পদক লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ব্যক্তিগত চূড়ান্ত ইভেণ্টত দুটাকৈ পদক লাভ ভাৰতৰ । ভাৰতীয় শ্বুটাৰ পলকে সোণৰ পদক লাভ কৰাৰ সমান্তৰালকৈ ঈশা সিঙে ব্যক্তিগত চূড়ান্ত ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে ।
এছিয়ান গেমছৰ শ্বুটিং ইভেণ্টত অভিলেখ সৃষ্টি কৰা ভাৰতৰ খেলুৱৈ ১৭ বছৰীয়া পলকে শান্তভাৱে যি প্ৰদৰ্শন কৰে, ই সকলোকে হতবাক কৰি তোলে । তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত প্ৰতিযোগিতাত অভিলেখ মুঠ ২৪২.১ পইণ্টৰ সৈতে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । লক্ষণীয়ভাৱে, পলকে জাকাৰ্টা এছিয়ান গেমছ ২০১৮ৰ পাছত হে শ্বুটিং আৰম্ভ কৰিছিল । ইভেণ্টত পাকিস্তানী শ্বুটাৰ কাচমালা তালাতে ব্ৰঞ্জৰ পদক লাভ কৰে ।
ঈশা সিঙে মুঠ ২৩৯.৭ পইণ্টৰ সৈতে চলিত এছিয়ান গেমছৰ চতুৰ্থটো পদক লাভ কৰে আৰু ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ব্যক্তিগত চূড়ান্ত ইভেণ্টত ৰূপৰ পদক লাভ কৰে । তেওঁ ভাৰতৰ স্বৰ্ণ জয়ী পলকত কৈ কেৱল ২.৬ পইণ্টৰ ব্যৱধানত আছিল ।