যোৰহাট, 11 ডিচেম্বৰ :শুকুবাৰৰ পৰা যোৰহাটৰ কুশল কোঁৱৰ ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে মুকলি টেবুল টেনিছ প্ৰতিযোগিতা ৷ সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে উক্ত টেবুল টেনিছ প্ৰতিযোগিতা খন ৷ প্ৰথমেই টেবুল টেনিছৰ লগত জড়িত এই পৃথিৱীৰ পৰা বিদায় লোৱা ব্যক্তি সকলৰ লগতে সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সুঁৱৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে প্ৰতিযোগিতা খনিত উপস্থিত সকলোৱে ৷
সদৌ অসম ভিত্তিত মুকলি টেবুল টেনিছ প্ৰতিযোগিতা - সদৌ অসম ভিত্তিত মুকলি টেবুল টেনিছ প্ৰতিযোগিতা
যোৰহাটৰ কুশল কোঁৱৰ ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে মুকলি টেবুল টেনিছ প্ৰতিযোগিতা ৷ 11 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷

সদৌ অসম ভিত্তিত মুকলি টেবুল টেনিছ প্ৰতিযোগিতা
উল্লেখ্য যে, 11 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷ তদুপৰি এই প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক ভিত্তিত খেলুৱৈ বাছনি কৰা হ’ব বুলি জানিবলৈ দিছে উদ্যোক্তামণ্ডলীয়ে ৷ সম্পূৰ্ণ কভিড প্ৰতকল মানি আৰম্ভ হৈছে উক্ত প্ৰতিযোগিতা খন ৷
লগতে পঢ়ক:দীঘলীপুখুৰীৰ পাৰৰ পৰা ৰণহুংকাৰ লাইভ