অসম

assam

ETV Bharat / sports

আজিৰ দিনটোতেই অলিম্পিক পদক জয় কৰিছিল সুশীল কুমাৰে - অলিম্পিকত মল্লযুঁজত প্ৰথম পদক অৰ্জনকাৰী খাশাৱা দাদাচাহেব জাদৱ

2008 চনত বেইজিং অলিম্পিকত কাজাকিস্তানৰ লিয়োনিদ স্পিৰিডোন’বক 3-1 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় মল্লযুঁজাৰু সুশীল কুমাৰে ৷

On this day Sushil Kumar have won his first Olympic Medal
On this day Sushil Kumar have won his first Olympic Medal

By

Published : Aug 20, 2020, 10:52 PM IST

স্পৰ্টছ ডেস্ক, 20 আগষ্ট: 2008 চনৰ 20 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই ভাৰতৰৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ভাৰতীয় মল্লযুঁজাৰু সুশীল কুমাৰে ৷ বেইজিং অলিম্পিকত কেৰিয়াৰৰ প্ৰথমটো অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হৈছিল সুশীল কুমাৰে ৷ 66 কিলোগ্ৰাম শাখাত কাজাকিস্তানৰ লিয়োনিদ স্পিৰিডোন’বক 3-1 ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷

অৱশ্যে বৰ্তমানে খেলুৱৈগৰাকীৰ প্ৰতিনিধিত্ব ওজন হৈছে 74 কিলোগ্ৰাম ৷ মল্লযুঁজত ব্ৰঞ্জ পদক লাভ কৰা দ্বিতীয়গৰাকী খেলুৱৈ হৈছে সুশীল কুমাৰ ৷ ইয়াৰ পূৰ্বে মল্লযুঁজত খাশাৱা দাদাচাহেব জাদৱে অলিম্পিকৰ মল্লযুঁজত পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

সুশীল কুমাৰৰ সফলতা

এই মধুৰ স্মৰণীয় দিনটো ৰোমন্থন কৰি খেলুৱৈগৰাকীয়ে ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ শ্বেয়াৰ কৰি, এই পদকে ভাৰতীয় মল্লযুঁজৰ লগতে তেওঁৰ জীৱনো সলনি কৰিলে বুলি উল্লেখ কৰে ৷

এই সফলতাৰ পাচতেই খেলুৱৈগৰাকীয়ে 2012 চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ লগতে বিশ্বচেম্পিয়নশ্বিপত, কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ অলিম্পিকত দুটাকৈ ব্যক্তিগত পদক লাভ কৰা একমাত্ৰ ভাৰতীয় হৈছে সুশীল কুমাৰ ৷

লগতে চাওক-মহেন্দ্ৰ সিং ধোনীলৈ মোডীৰ প্ৰশংসা পত্ৰ, কি ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে..

ABOUT THE AUTHOR

...view details