অসম

assam

ETV Bharat / sports

২০০৮ চনৰ আজিৰ দিনটোতে অলিম্পিকত এককভাৱে স্বৰ্ণ জয় কৰিছিল অভিনৱ বিন্দ্ৰাই - ৰিঅ' অলিম্পিক

২০০৮ চনৰ আজিৰ দিনটোতে বেইজিং অলিম্পিক(Beijing Olympics)ত ইতিহাস ৰচিছিল ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰা(Abhinav Bindra)ই । শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত স্বৰ্ণ(GOLD) জয় কৰি অলিম্পিকত একক প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা ভাৰতৰ প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হৈছিল বিন্দ্ৰা ।

Abhinav Bindra became first Indian to win individual Olympic gold
২০০৮ চনৰ আজিৰ দিনটোতে অলিম্পিকত অভিনৱ বিন্দ্ৰাই এককভাৱে জয় কৰিছিল স্বৰ্ণ পদক

By

Published : Aug 11, 2021, 6:25 PM IST

PLEASE CHANGE THUMBNAIL IMAGE

স্পৰ্টছ ডেস্ক, ১১ আগষ্ট: অভিনৱ বিন্দ্ৰা(Abhinav Bindra), অলিম্পিকত এককভাৱে স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ । ১৩ বছৰ পূৰ্বে আজিৰ দিনটোতে বেইজিং অলিম্পিক(Beijing Olympics)ত ইতিহাস ৰচিছিল ভাৰতৰ অভিনৱ বিন্দ্ৰা(Abhinav Bindra)ই । শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত স্বৰ্ণ পদক জয় কৰিছিল ভাৰতৰ খেলুৱৈগৰাকীয়ে । ১০.৮ স্ক'ৰ কৰিছিল আৰু ভাৰতৰ বাবে সোণৰ পদক নিশ্চিত কৰিছিল ।

ইয়াৰ পূৰ্বে ফিনলেণ্ডৰ হেনৰী হাক্কিনেনৰ সৈতে প্ৰতিযোগিতাত নামিছিল । ২০০০ চনত চিডনীত অলিম্পিক যাত্ৰা আৰম্ভ কৰিছিল বিন্দ্ৰাই । ৩৭ বছৰীয়া শ্বুটাৰগৰাকীয়ে ২০০৮ চনত বেইজিং অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ শাখাৰ ফাইনেলত প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰাৰ পাছতে দেশবাসীয়ে তেওঁক লৈ গৌৰৱান্বিত হৈছিল । কেৱল বেইজিঙতে নহয়, চিডনী আৰু এথেন্স অলিম্পিকতো শ্বুটিঙৰ ফাইনেলত তেওঁ যোগ্যতা অৰ্জন কৰে ।

বিন্দ্ৰাই ২০১৭ চনত আনুষ্ঠানিকভাৱে শ্বুটিঙৰ পৰা অৱসৰ লৈছিল আৰু তেওঁ কৈছিল যে, এতিয়া এই যাত্ৰাত আগবাঢ়ি যোৱাৰ বাবে যুৱ প্ৰজন্মক সুযোগ দিয়াৰ সময় ।

শ্বুটাৰজনে ২০১৬ৰ ৰিঅ' অলিম্পিকত পদক জয়ত বিফল হ'বলগীয়া হয় । শেহতীয়াকৈ সমাপ্ত হোৱা টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই এককভাৱে স্বৰ্ণ পদক জয় কৰিছে আৰু অলিম্পিকত এককভাৱে স্বৰ্ণ জয় কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ । জেভেলিন থ্ৰ'ত সোণৰ পদক জয় কৰি আন এক ইতিহাস ৰচিছিল নীৰজে ।

লগতে পঢ়ক:সাময়িক নিলম্বনৰ পাচত আন এক বিতৰ্কত বিনেশ ফোগট

ABOUT THE AUTHOR

...view details