অসম

assam

ETV Bharat / sports

এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন পুনিয়া, ৰবি দাহিয়াৰ - এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন পুনিয়া, ৰবি দাহিয়াৰ

এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন দীপক পুনিয়া, ৰবি দাহিয়াৰ ৷ দুয়োগৰাকী খেলুৱৈয়ে অলিম্পিক, 2020 ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৷

এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন
দীপক পুনিয়া, ৰবি দাহিয়া

By

Published : Jan 3, 2020, 11:25 PM IST

স্পৰ্টছ ডেস্ক, 3 জানুৱাৰী : অলিম্পিক 2020 ত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ছিনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় মল্লযুঁজাৰু দীপক পুনিয়া আৰু ৰবি দাহিয়াই ৷ উল্লেখ্য যে, 17ৰ পৰা 23 ফেব্ৰুৱাৰীলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ শুকুৰবাৰে কে. ডি. যাদৱ ৰেষ্টলিং ইণ্ডোৰ ষ্টেডিয়ামত প্ৰতিযোগিতাৰ ট্ৰায়েল অনুষ্ঠিত হয় আৰু দুয়োগৰাকী খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷

86 কে. জি. শাখাত দীপকে কমনৱেলথ গেমছ 2014 ৰ ব্ৰঞ্জ পদকজয়ী পৱন কুমাৰক পৰাস্ত কৰে ৷ আনহাতে, 57 কে. জি. শাখাত বায়ুসেনাৰ পঙ্কজক 10-0 ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ৰবি দাহিয়াই ৷

দীপক পুনিয়া

ইয়াৰ পাচতে দীপকে কয়, "মই আত্মবিশ্বাসী অনুভৱ কৰিছো আৰু এই ফৰ্ম অব্যাহত ৰাখিবলৈ সক্ষম হ'ম বুলি আশা কৰিছো ৷ অলিম্পিকৰ স্বৰ্ণ পদক জয় কৰাটোৱে মোৰ লক্ষ্য, কিন্তু ইয়াৰ বাবে মই ক্ৰমাগতভাৱে ভাল প্ৰদৰ্শন কৰি থাকিব লাগিব আৰু আন্তৰাষ্ট্ৰীয় মেচসমূহত শীৰ্ষ স্থান দখল কৰিব লাগিব ৷"

ৰবিয়ে জয়ৰ পাচতে মন্তব্য কৰে, "মই মল্লযুঁজ উপভোগ কৰো আৰু বৰ্তমান মই মল্লযুঁজৰ সৰ্বশ্ৰেষ্ঠ সময় উপভোগ কৰি আছো ৷ এই ফৰ্ম মই অব্যাহত ৰাখিব বিচাৰো আৰু ভাৰতৰ বাবে অলিম্পিকৰ লগতে আৰু বহু পদক জয় কৰিব বিচাৰো ৷ মই প্ৰতিশ্ৰুতিবদ্ধ যে, অলিম্পিকৰ পদক জয়ৰ বাবে মই সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু ৷"

আৰু পঢ়ক : গুৱাহাটীৰ ১৭০ খন হোটেলৰ বুকিং শেষঃ খেল' ইণ্ডিয়াৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details