অসম

assam

ETV Bharat / sports

ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা স্থানত অলিম্পিকৰ টৰ্চ ৰিলে বাতিলৰ সম্ভাৱনা - Seiko Hashimoto

টকিঅ' অলিম্পিক ২০২০ৰ আয়োজক সমিতিয়ে জনোৱা মতে ক'ভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা বাবে এই অনুষ্ঠান বাতিল কৰাৰ বাবে সমিতিয়ে নমনীয় স্থিতি গ্ৰহণ কৰিছে । যিহেতু প্ৰতিটো অঞ্চলতে ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈছে সেয়ে তেওঁলোকে অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । ইফালে সমিতিখনে এপ্ৰিলৰ শেষলৈ জাপানত দৰ্শকৰ সংখ্যা চূড়ান্ত কৰাৰ বাবেও পৰিকল্পনা কৰি আছে ।

ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা স্থানত অলিম্পিকৰ টৰ্চ ৰিলে বাতিলৰ সম্ভাৱনা
ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা স্থানত অলিম্পিকৰ টৰ্চ ৰিলে বাতিলৰ সম্ভাৱনা

By

Published : Apr 2, 2021, 6:58 PM IST

স্পৰ্টছ ডেস্ক,২ এপ্ৰিল:টকিঅ' অলিম্পিক ২০২০ৰ টৰ্চ ৰিলে বাতিল কৰাৰ সম্ভৱনা । সভাপতি চেইকো হাছিমোটোয়ে শুক্ৰবাৰে জনোৱা মতে ক'ভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা বাবে এই অনুষ্ঠান বাতিল কৰাৰ বাবে কমিটীয়ে নমনীয় স্থিতি গ্ৰহণ কৰিছে ।

সংবাদমেলযোগে ঘোষণা কৰা মতে এটা দলে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অস্বীকাৰ কৰিছে । যিহেতু প্ৰতিটো অঞ্চলতে ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈছে সেয়ে তেওঁলোকে অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । যদি এনে হয় শেষ মুহূৰ্তত স্থান সলনি কৰিব পাৰে বুলিও সংবাদমেলত জনাইছে আয়োজক সমিতিয়ে ।

ইফালে সমিতিখনে এপ্ৰিলৰ শেষলৈ জাপানত দৰ্শকৰ সংখ্যা চূড়ান্ত কৰাৰ বাবেও পৰিকল্পনা কৰি আছে ।

৩ এপ্ৰিলত আৰম্ভ হ'বলগীয়া কিছুমান অনুষ্ঠান বাতিল কৰাৰ বিষয়ে সোধাত হচিমাটোয়ে কয় যে খেলুৱৈসকলে যাতে গ্ৰীষ্মকালত আগন্তুক অলিম্পিকত যোগদান কৰাৰ ক্ষেত্ৰত সুৰক্ষিত আৰু আত্মবিশ্বাসী অনুভৱ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

লগতে পঢ়ক:আঘাতপ্ৰাপ্ত নেডাৰলেণ্ডৰ ফুটবলাৰ দালে ব্লাইণ্ড

ABOUT THE AUTHOR

...view details