অসম

assam

ETV Bharat / sports

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে প্ৰস্তাবিত অঞ্জুম মওদগিলৰ নাম

নেশ্যনেল ৰাইফল এছচিয়েচন ইণ্ডিয়াই (NRAI) অঞ্জুম মওদগিলৰ নাম প্ৰস্তাৱিত কৰিছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে । আনহাতে দ্ৰোণাচাৰ্য বঁটাৰ বাবে চৰকাৰী সমিতিখনে প্ৰস্তাবিত কৰিছে পিষ্টল প্ৰশিক্ষক যছপাল ৰানাৰ নাম ।

By

Published : May 15, 2020, 2:23 PM IST

নেশ্যনেল ৰাইফল এছচিয়েচন ইণ্ডিয়া
নেশ্যনেল ৰাইফল এছচিয়েচন ইণ্ডিয়া

নিউজ ডেস্ক, 15 মে': নেশ্যনেল ৰাইফল এছচিয়েচন ইণ্ডিয়াই (NRAI) ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে বৃহস্পতিবাৰে প্ৰস্তাৱিত কৰে ৰাইফলাৰ অঞ্জুম মওদগিলৰ নাম । ইপিনে মনু ভাকেৰ (পিষ্টল) নাম প্ৰস্তাৱিত কৰে অৰ্জুন বঁটাৰ বাবে ।

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে প্ৰস্তাবিত অঞ্জুম মওদগিলৰ নাম

ভাকেৰ ওপৰিও, সৌৰভ চৌধাৰী (পিষ্টল), অভিষেশ বৰ্মা (পিষ্টল) আৰু ইলাভেনিল ভালাৰিভান (ৰাইফল)ৰ নামো অৰ্জুন বঁটাৰ বাবে প্ৰস্তাৱিত কৰা হৈছে ।

ইপিনে দ্ৰোণাচাৰ্য বঁটাৰ বাবে চৰকাৰী সমিতিখনে প্ৰস্তাৱিত কৰিছে পিষ্টল প্ৰশিক্ষক যশপাল ৰানাৰ নাম ।

নেশ্যনেল ৰাইফল এছচিয়েচন ইণ্ডিয়া

যি কোনো খেল লগত জৰিত কোনো খেলুৱৈৰ চাৰি বছৰৰ অতি সুন্দৰ পদৰ্শনৰ ওপৰত ভিত্তি কৰি ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান কৰা হয় ।

ABOUT THE AUTHOR

...view details