অসম

assam

ETV Bharat / sports

টকিঅ’ অলিম্পিক বাতিল কৰাৰ চিন্তা কৰা নাই : য়শিৰো ম’ৰী

কৰ’ণা ভাইৰাছক লৈ বিশ্বজুৰি এতিয়া সৃষ্টি হৈছে বিভীষিকাৰ ৷ যাৰ বাবে আগন্তুক টকিঅ’ অলিম্পিকলৈ আহিছে অনিশ্চয়তা ৷ কিন্তু বৰ্তমানলৈকে টকিঅ’ অলিম্পিক বাতিলৰ কথা চিন্তা কৰা নাই বুলি কয় টকিঅ’ অলিম্পিক 2020 ৰ আয়োজন কৰা সমিতিৰ অধ্যক্ষগৰাকীয়ে ৷

By

Published : Mar 5, 2020, 9:46 AM IST

no thought of cancelling event due to coronavirus tokyo olympics president yoshiro mori,টকিঅ’ অলিম্পিক বাতিলৰ চিন্তা কৰা নাই : য়শিৰো ম’ৰী
টকিঅ’ অলিম্পিক বাতিলৰ চিন্তা কৰা নাই : য়শিৰো ম’ৰী

স্পৰ্টছ ডেস্ক, 5 মাৰ্চঃআগন্তুক 24 জুলাইৰ পৰা জাপানত আৰম্ভ হ’ব বহু প্ৰত্যাশিত টকিঅ’ অলিম্পিক ৷ যাৰ বাবে ইতিমধ্যে তুংগত আছে প্ৰস্তুতি ৷ কিন্তু ইয়াৰ মাজতেই বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ মহামাৰীয়ে টকিঅ’ অলিম্পিক আয়োজনকলৈ অনিশ্চয়তা কঢ়িয়াই আনিছে ৷ অৱশ্যে বুধবাৰে টকিঅ’ অলিম্পিক 2020 আয়োজন সমিতিৰ অধ্যক্ষ য়শিৰো ম’ৰীয়ে সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই কৰ’ণা ভাইৰাছৰ বাবে অলিম্পিক প্ৰতিযোগিতাৰ বাতিলৰ কথা খণ্ডন কৰে ৷ তেওঁ কয়, মই এই সন্দৰ্ভত চিন্তা কৰা নাই ৷

টকিঅ’ অলিম্পিক কাৰ্যসূচী

যেতিয়া তেওঁক সাংবাদিকে প্ৰশ্ন কৰিছিল যে, টকিঅ’ অলিম্পিকৰ সময় সাল-সলনি কৰা হ’ব নেকি তেতিয়া তেওঁ কয়, মই ভগৱান নহয়, মই এই বিষয়ে নাজানো ৷ ইপিনে মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে এক বৈঠকত মিলিত হোৱাৰ পাচত খেল আয়োজনৰ আশ্বাস প্ৰদান কৰিছিল ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে নিজৰ অফিচিয়েল ৱেব চাইটত 24 জুলাইৰ পৰা 9 আগষ্টলৈ চলিবলগীয়া অলিম্পিক খেলৰ সফল আয়োজনৰ বাবে প্ৰতিবদ্ধ বুলি উল্লেখ কৰে ৷

য়শিৰো ম’ৰী

অৱশ্যে ইপিনে জাপানৰ অলিম্পিক মন্ত্ৰীয়ে টকিঅ’ অলিম্পিক 2020 বছৰৰ শেষৰ ফালে আয়োজনৰ এক সংকেত প্ৰদান কৰিছে ৷ জাপানৰ সংসদত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত ছেইক’ হাছিম’টোয়ে কয়, অলিম্পিক খেল 2020 ৰ আয়োজনৰ বাবে টকিঅ’ আৰু আইঅচি চুক্তিবদ্ধ ৷ ইয়াত খেল স্থগিত কৰাৰো মঞ্জুৰি সন্নিৱিষ্ট হৈ আছে ৷ অৱশ্যে খেল নিৰ্ধাৰিত সূচী মতেই হওক তাৰ বাবে আমি যথোপযুক্ত চেষ্টা চলাম ৷

ABOUT THE AUTHOR

...view details