স্পৰ্টছ ডেস্ক, 8 নৱেম্বৰ :বাহৰেইনত অনুষ্ঠিত হ'বলগীয়া দুখনকৈ F1 (ফৰ্মুলা ওৱান) ৰেচ কোনো দৰ্শক অবিহনেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে খেল পৰিচালনা সংস্থাই ৷ কোভিড-19 মহামাৰীৰ বাবে এই সিদ্ধান্ত লৈছে সংস্থাই ৷ অৱশ্যে খেল উপভোগ কৰাৰ বাবে কেইখনমান বিশেষ আসন সংৰক্ষিত কৰি ৰখা হৈছে ৷ কোভিড-19 মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক প্ৰদান কৰা হৈছে এই সংৰক্ষিত আসনসমূহ ৷ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বাবেই এইদৰে আসন সংৰক্ষণ কৰাৰ কথা জনাইছে সংস্থাই ৷
স্বাস্থ্যকৰ্মীৰ বাহিৰে কোনো দৰ্শক উপস্থিত থাকিব নোৱাৰিব বাহৰেইন F1 ৰেচত - F1 (ফৰ্মুলা ওৱান) ৰেচ
বাহৰেইনত অনুষ্ঠিত হ'বলগীয়া F1 ৰেচত গেলাৰীত উপস্থিত নাথাকে কোনো দৰ্শক ৷ ইয়াৰ পৰিৱৰ্তে কিছুসংখ্যক স্বাস্থ্যকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক এই খেল উপভোগৰ সুবিধা প্ৰদান কৰা হৈছে ৷ কোভিড মহামাৰীৰ বিৰুদ্ধে তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে এইদৰে সন্মান প্ৰদান কৰি তেওঁলোকক এই সুবিধা প্ৰদান কৰা হয় ৷
স্বাস্থ্যকৰ্মীৰ বাহিৰে কোনো দৰ্শক উপস্থিত থাকিব নোৱাৰিব বাহৰেইন F1 ৰেচত
অহা 29 নৱেম্বৰত অনুষ্ঠিত হ'ব বাহৰেইন গ্ৰাঁ-পিক্স ৷ চাখিৰস্থিত 5.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ বাহৰেইন ইন্টাৰনেশ্বনেল চাৰ্কিটত অনুষ্ঠিত হ'ব খেলদুখন ৷ দ্বিতীয়খন খেল 6 ডিচেম্বৰত অনুষ্ঠিত হ'ব আৰু ইয়াক চাখিৰ গ্ৰাঁ-পিক্স হিচাপে নামাকৰণ কৰা হৈছে ৷ একেই ৰিঙত মাত্ৰ 3.5 কিলোমিটাৰৰ বাবে এইখন ৰেচ অনুষ্ঠিত হ'ব ৷
লগতে পঢ়ক :কেৰিয়াৰৰ 92 সংখ্যক জয় ব্ৰিটিছ ড্ৰাইভাৰ লেৱিছ হেমিল্টনৰ